‘অৰ্জুন বঁটা’ৰ বাবে মনোনীত অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই

‘অৰ্জুন বঁটা’ৰ বাবে মনোনীত অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই

August 19, 2020 0 By NEWS DESK

অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে কঢ়িয়াই আনিছে গৌৰৱ।

অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে লাভলীনা বৰগোঁহাই।

দেশৰ আন ২৯ গৰাকীকৈ ক্ৰীড়াবিদৰ লগতে তেওঁৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

তালিকাত স্থান লাভ কৰা ২৯ গৰাকী খেলুৱৈ হ’ল- ক্ৰিকেটাৰ ইশান্ত শৰ্মা আৰু আৰ্ছাৰ অতনু দাসৰ লগতে আন একাংশ খেলুৱৈ। তেওঁলোক হৈছে, শ্বুটাৰ মোনা ভাকেৰ, সৌৰভ চৌধুৰী, মহিলা হকী খেলুৱৈ দীপিকা ঠাকুৰ, কাবাডী খেলুৱৈ দীপক হোডা, টেনিছ খেলুৱৈ দিৱিজ শৰণ, ভাৰাত্তোলক মিৰাবাই চানু, মল্লযুঁজাৰো সাক্ষী মালিক, বেডমিন্টন খেলুৱৈ চিৰাগ, সাত্বিক ইত্যাদি।

লগতে আছে দাত্তো ভকানাল, আকাশদ্বীপ সিং, দীপ্তি শৰ্মা, মনীশ কৌশিক, ৰুপিন্দৰ পাল সিং, অৰপিন্দৰ সিং, বিৰেন্দ্ৰ লাক্ৰা, দীপ গ্ৰেচ ইক্কা, হিমা দাস, মনজীত সিং, মানান চন্দ্ৰ, ৰাহুল আৱাৰে, মধুৰিকা পাটকাৰ, ছোনিয়া লাথাৰ আৰু আৰভি ৰাহুলৰ নাম।