Site icon NEWS8 NE

অৱশেষত অসম চৰকাৰৰ পৰা কৃতিত্ব লাভ শ্মসান বন্ধু ধৃতিমালাৰ! ‘অসম গৌৰৱ’ বঁটাৰ বাবে নাম ঘোষণা…

নিউজ ডেস্কঃ শ্মসান বন্ধু ধৃতিমালা ডেকালৈ অসম চৰকাৰৰ বিশেষ সন্মান।

নৱগ্ৰহ শ্মসানত মৃতদেহ দাহৰ সময়ত বিভিন্ন ধৰণে সহায় কৰি অহা ধৃতিমালাক কৃতিত্ব প্ৰদান কৰিলে অসম চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই শ্মসান বন্ধু বুলি অভিহিত কৰে ধৃতিমালা ডেকাক।

ধৃতিমালাই কৰি অহা কাৰ্যৰ বাবে তেওঁক ৰাজ্য চৰকাৰৰ তৃতীয় সৰ্বোচ্ছ সন্মান অসম গৌৰৱ বঁটা প্ৰদানৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এই খবৰ লাভ কৰাৰ পিছতে আবেগিক হৈ পৰে ধৃতিমালা ডেকা।

উল্লেখ্য যে, ২০১৬ চনৰ পৰাই নৱগ্ৰহ শ্মসানত সক্ৰিয়ভাৱে মৃতদেহ দাহ কৰি আহিছে ধৃতিমালা ডেকাই।

দুই সন্তানৰ মাতৃ মহিলাগৰাকীয়ে সময় উলিয়াই প্ৰায়ে শ্মসানলৈ আহি মৃতদেহ দাহ কাৰ্যত পৰিয়ালক সহায় কৰি আহিছে।

ধৃতিমালাৰ এনে মহৎ কাৰ্যই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ পিছতে অসম গৌৰৱ বঁটাৰে তেওঁক সন্মানিত কৰাৰ ঘোষণা কৰে অসম চৰকাৰে।

Exit mobile version