অৱশেষত অৰুণাচলৰ ৫ ‘সন্ধানহীন’ যুৱকক ভাৰতক অৰ্পণ কৰিব চীনে

অৱশেষত অৰুণাচলৰ ৫ ‘সন্ধানহীন’ যুৱকক ভাৰতক অৰ্পণ কৰিব চীনে

September 11, 2020 0 By NEWS DESK

অৱশেষত সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ পৰা সন্ধানহীন হােৱা ৫ জন যুৱকক ভাৰতৰ হাতত অৰ্পণ কৰিব চীনে।

উল্লেখ্য যে লাডাখক কেন্দ্ৰ কৰি ভাৰত তথা চীনৰ সৈন্যৰ মাজত শেহতীয়াকৈ সীমান্তত বিৰাজ কৰা তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে যােৱা ২ চেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ চীন সীমান্তৱৰ্তী আপাৰ সােৱণশিৰি জিলাৰ পৰা সন্ধানহীন হৈছিল ৫ জনকৈ স্থানীয় জনজাতীয় যুৱক।

সন্ধানহীন যুৱককেইজন হ’ল টানু বাকাৰ, প্ৰাসাদ ৰিংলিং, গাৰো দিৰি, দংটো ইবিয়া আৰু টছ সিংকাপ।

চীনা সৈন্যৰ বিৰুদ্ধে এই যুৱককেইজনক অপহৰণ কৰা বুলি স্থানীয় লােকে অভিযােগ কৰাত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই ঘটনাই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছিল কংগ্ৰেছ বিধায়ক নিনং এৰিঙেও।

ইয়াৰ পাছতে ভাৰতীয় সেনাই হটলাইনত এই বিষয়ে চীনক অৱগত কৰাত এই যুৱককেইজন চীনৰ সেনাৰ জিম্মাত থকা বুলি স্বীকাৰ কৰে।

লগতে ১২ চেপ্টেম্বৰ, শনিবাৰে পুৱা ৯.৩੦ বজাত ভাৰত-চীন সীমান্তৰ দামাই অঞ্চলত ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰিব বুলি প্ৰকাশ কৰে।

এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ তেজপুৰ স্থিত জনসম্পৰ্কৰক্ষী বিষয়াই।