অৱশেষত CBIক অৰ্পণ কৰা হ’ল দেশ কঁপোৱা হাথৰাছ ধৰ্ষণ কাণ্ডৰ তদন্তৰ ভাৰ !

অৱশেষত CBIক অৰ্পণ কৰা হ’ল দেশ কঁপোৱা হাথৰাছ ধৰ্ষণ কাণ্ডৰ তদন্তৰ ভাৰ !

October 11, 2020 0 By NEWS DESK

অৱশেষত দেশ কঁপোৱা হাথৰাছ ধৰ্ষণ কাণ্ডৰ তদন্তৰ ভাৰ আনুষ্ঠানিক ভাবে CBIক অৰ্পণ কৰিলে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াকৈ কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনা যোগে হাথৰাছত কাণ্ডৰ তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য হাথৰাছৰ ১৯ বছৰীয়া দলিত যুৱতী গৰাকীক ১৪ ছেপ্তেম্বৰত চাৰিজন উচ্চ বৰ্ণৰ লোকে বলাৎকাৰ কৰাৰ লগতে নিৰ্যাতিতাৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল।

যুৱতী গৰাকীৰ ৰাজহাড় ভাঙি পেলোৱাৰ লগতে জিভাও কাটি দিয়া হৈছিল বুলি উত্থাপিত হৈছিল অভিযোগ।

যুৱতী গৰাকীক পিছত দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ২৯ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে যুৱতী গৰাকীৰ মৃতদেহ পৰিয়ালৰ অনুপস্থিতিতে আৰক্ষীয়ে মাজনিশা জ্বলাই দিছিল।

তাৰ পিছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সৰ্বত্ৰে উঠিছিল ন্যায়ৰ দাবী।

প্ৰথাৱস্থাত হাথৰাছত কোনো বলাৎকাৰ সংঘটিতই হোৱা নাছিল বুলি দাবী কৰা উত্তৰ প্ৰদেশৰ চৰকাৰে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ঘটনাটোৰ তদন্ত চিবিআইৰ হতুৱাই কৰোৱা হ’ব বুলি ঘোষণা কৰিছিল।

অৱশেষত কেন্দ্রই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অনুৰোধ মৰ্মে ঘটনাটোৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পন কৰে।