আইআইটি, গুৱাহাটীৰ (IIT Guwahati) সমাৱৰ্তন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

আইআইটি, গুৱাহাটীৰ (IIT Guwahati) সমাৱৰ্তন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

September 21, 2020 0 By NEWS DESK

ইউ টিউব-ফেচবুকত লাইভত চাব পাৰিব IIT Guwahati সমাৱৰ্তন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২২ ছেপ্টেম্বৰ, মঙলবাৰে দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আইআইটি, গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব।

এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ধট্ৰে আৰু আন বিশিষ্ট লোকসকলেও অংশগ্ৰহণ কৰিব।

কাইলৈ বিটেকৰ ৬৮৭ আৰু এমটেকৰ ৬৩৭ কে ধৰি ১৮০৩ ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰিব।