আকাশী পথেৰে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ গুৰুত্বপূর্ণ পদক্ষেপ !

আকাশী পথেৰে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ গুৰুত্বপূর্ণ পদক্ষেপ !

August 28, 2020 0 By NEWS DESK

আকাশী পথেৰে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে কেন্দ্ৰৰ গুৰুত্বপূর্ণ পদক্ষেপ।

কেন্দ্রীয় চৰকাৰৰ ‘উড়ান’ আঁচনিৰ অন্তর্গত আঞ্চলিক সংযোগীকৰণ আঁচনি (আৰচিএছ)ৰ চতুর্থ পর্যায়ত অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে দেশীয় বিমান সেৱাত নতুনকৈ ৭৮টা আকাশী পথ ঘোষণা কৰে৷

ইয়াৰ ভিতৰত ২৪টা আকাশী পথেই অসমক স্পর্শ কৰিব বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ সৈতে ৰাজ্যৰ বিভিন্ন সৰু–বৰ চহৰক এই সেৱাৰ দ্বাৰা সংযোগ কৰা হ’ব।

লগতে বিভিন্ন চহৰৰ মাজতো চলিব এই বিমানসমূহ, যাক ‘টেক্সি’ বিমান আখ্যা দিয়া হৈছে৷

অসমৰ আকাশত উৰিব লগা এই টেক্সি বিমানেৰে ৰাজ্যৰ সকলো শ্রেণীৰ নাগৰিকে কম ব্যয়ত বিমান ভ্রমণৰ সুযোগ লাভ কৰিব।

অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে জনোৱা মতে, ৫০ শতাংশ আসনৰ বাবে ৰেহাই মূল্যত টিকট দিয়া হ’ব৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ভায়েবিলিটী গেপ ফাণ্ডিঙৰ জৰিয়তে এইক্ষেত্রত পৰিবহণ সংস্থাক ক্ষতিপূৰণ দিব।

নতুন আকাশী পথৰ ভিতৰত আছে গুৱাহাটী-ৰূপসী, গুৱাহাটী-তেজপুৰ, গুৱাহাটী-মিছা, মিছা-গেলেকী, যোৰহাট-গেলেকী, গুৱাহাটী-তেজু আদি৷

একেদৰে গুৱাহাটী-পাছিঘাট, তেজপুৰ-আইজল, ডিব্রুগড়-আগৰতলা, ৰূপসী-কলকাতা, গুৱাহাটী-শ্বিলং, শিলচৰ-শ্বিলং আদি আকাশী পথ নতুনকৈ ঘোষণা কৰা হৈছে৷