আগন্তুক দুটা দিনত অসমৰ লগতে মেঘালয়ত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ !

আগন্তুক দুটা দিনত অসমৰ লগতে মেঘালয়ত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ !

September 9, 2020 0 By NEWS DESK

আগন্তুক দুটা দিনত অসমৰ লগতে মেঘালয়ত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৱেদাৰ ডট কমত প্ৰকাশিত বাতৰি অনুসৰি বুধবাৰে উত্তৰ-পূবলৈ মৌচুমী বায়ুয়ে গতি কৰিব।

বংগোপ সাগৰৰ পৰা বলা বতাহে মৌচুমী বায়ুক উত্তৰ-পূবলৈ লৈ আহিছে বুলি বাতৰিত প্ৰকাশ পাইছে।

বৃহস্পতিবাৰে মেঘালয়, অসমকে ধৰি উত্তৰ-পূৱত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাত হ’ব বুলিও বাতৰিটোত প্ৰকাশ কৰা হৈছে।

অসম আৰু মেঘালয়ৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো এই সময়ছোৱাত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা দেখা দিছে।