আগন্তুক ৩ মাহৰ বাবে বন্ধ ৰখা হ’ব টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং প্ৰক্ৰিয়া !

আগন্তুক ৩ মাহৰ বাবে বন্ধ ৰখা হ’ব টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং প্ৰক্ৰিয়া !

October 15, 2020 0 By NEWS DESK

টেলিভিছনৰ টিআৰপিক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বাৰ্কে (Broadcast Audience Research Council) গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত।

আগন্তুক ৩ মাহৰ বাবে বন্ধ ৰখা হ’ব টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং প্ৰক্ৰিয়া।

তিনি মাহৰ বাবে কোনো টিভি চেনেলে নাপাব টিআৰপি।

Image

উক্ত সময়চোৱাত বৰ্তমান অব্যাহত থকা পৰিস্থিতিৰ বাবে বাৰ্কে টিআৰপিৰ পদ্ধতি পৰীক্ষণ কৰাৰ লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত নতুনত্ব আনিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে সাপ্তাহিক ভাৱে বাৰ্কে ৰাজ্য আৰু ভাষাৰ ওপৰত ভিত্তি কৰি দৰ্শকৰ কিছু তথ্য ৰাজহুৱা কৰিব।

উল্লেখ্য যে, বিগত কেইদিনমানৰ পৰা ভুৱা ৰেটিং আৰু টিআৰপিৰ বাবে অভিযুক্ত কেলেংকাৰীক লৈ এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে।

বাৰ্কৰ এই পদক্ষেপক নিউজ ব্ৰডকাষ্টাৰ্ছ এছ’চিয়েচনে প্ৰশংসা কৰাৰ লগতে আদৰণি জনাইছে।