আগন্তুক ৪ চেপ্তেম্বৰলৈ অসমত প্ৰযোজ্য নহয় আনলক ৪.০ !

আগন্তুক ৪ চেপ্তেম্বৰলৈ অসমত প্ৰযোজ্য নহয় আনলক ৪.০ !

August 31, 2020 0 By NEWS DESK

গন্তুক ৪ চেপ্তেম্বৰলৈ অসমত প্ৰযোজ্য নহয় আনলক ৪.০।

আগন্তুক ৪ চেপ্তেম্বৰলৈ অসমত প্ৰযোজ্য হৈ থাকিব বৰ্তমানৰ আনলকৰ নীতি নিয়ম সমূহ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে আনলক ৪.০ ৰ গাইডলাইন। য’ত বিভিন্ন দিশত গ্ৰহণ কৰা হৈছিল শিথিলতা।

এই গাইডলাইন অহা ১ চেপ্তেম্বৰৰ পৰা দেশত প্ৰযোজ্য হ’ব।

কিন্তু এই গাইডলাইন অসমত প্ৰযোজ্য হ’ব নে নাই সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই জাৰি কৰে এক বিশেষ জাননী।

য’ত জনোৱা হয় যে অসমত আনলক ৪.০ ৰ গাইডলাইন কেতিয়াৰ পৰা প্ৰযোজ্য হ’ব সেই সম্পৰ্কত অহা ৪ চেপ্তেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

সেয়েহে অসমত ৪ ছেপ্তেম্বৰলৈকে বাহাল থাকিব বৰ্তমানৰে নীতি নিয়ম।