Site icon NEWS8 NE

আচৰিত! ‘মৃত’ ব্যক্তি জীৱিত হৈ পুনৰ বিবাহপাশত আবদ্ধ হ’ব পত্নীৰ সৈতে!

নিউজ ডেস্ক। এক আচৰিত ঘটনা। একে গৰাকী পত্নীক পুনৰ বিবাহ কৰাব বিচাৰিছে এজন ৫৬ বছৰীয়া লোকে।

বৰ্তমান নিজৰ ঘৰতে পত্নী হৈ থকা সত্ত্বেও স্বামীয়ে বিচাৰিছে তেওঁক পুনৰ বিবাহ কৰোৱাৰ।

এই ঘটনা উত্তৰ প্ৰদেশৰ। সেই লোকজনৰ নাম লাল বিহাৰী। যিটো বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। অৱশ্যে তেওঁ পুনৰ বিবাহ কৰাব বিচৰাৰ কাৰণটো অলপ সুকীয়া। কাৰণ তেওঁক পূৰ্বতে মৃত ঘোষণা কৰা হৈছিল।

চৰকাৰী ৰেকৰ্ডত তেওঁ মৃত হিচাপে ঘোষিত হৈ আছিল।

পৰৱৰ্তী সময়ত তেওঁ আইনী যুঁজত জয়ী হৈ ১৯৯৪ চনৰ ৩০ জুনত তেওঁক জীৱিত ঘোষণা কৰা হৈছিল।

চৰকাৰী ৰেকৰ্ডত ‘মৃত’ বুলি ঘোষণা কৰাৰ পিছত লাল বিহাৰী ‘মৃতক’ নামৰ ব্যক্তিজনে তেওঁ ‘জীৱিত’ বুলি প্ৰমাণ কৰিবলৈ দীঘলীয়া যুঁজ দিছিল। সেই সময়ত তেওঁ শিৰোনাম দখল কৰিছিল বাতৰিৰ। আৰু এইবাৰো সেই ব্যক্তিজন পুনৰ বাতৰিলৈ আহিছে।

‘মৃতকে’ এতিয়া তেওঁৰ ৫৬ বছৰীয়া পত্নী কাৰ্মী দেৱীক পুনৰ বিবাহ কৰাৰ পৰিকল্পনা কৰিছে কিয়নো তেওঁ পুনৰ জীৱিত হোৱাৰ ২৭ বছৰ হ’ল।

লাল বিহাৰীয়ে সাংবাদিকক কয়- “২৭ বছৰ আগতে চৰকাৰী ৰেকৰ্ডত মোৰ পুনৰ জন্ম হৈছিল। মোৰ বিবাহ অনুষ্ঠানটো ২০২২ চনত অনুষ্ঠিত হ’ব। যেতিয়া চৰকাৰী ৰেকৰ্ডত মোৰ পুনৰ জন্মৰ হিচাপত মই ২৮ বছৰীয়া হ’ম।”

মৃতকৰ তিনিটা সন্তান-দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। বৰ্তমান সকলোৱে এতিয়া বিবাহিত।

বৰ্তমান ৬৬ বছৰীয়া লাল বিহাৰীয়ে কয় যে, তেওঁ তেওঁৰ পত্নীক পুনৰ বিবাহ কৰিব বিচাৰিছে। যাতে ‘জীৱিত মৃত’ৰ দুৰ্দশাৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে।

তেওঁ কয়- “যদিও মই মোৰ গোচৰত যুঁজ দিছিলো আৰু জয়ী হৈছিলো, প্ৰকৃততে সেই প্ৰক্ৰিয়াটোত বিশেষ পৰিৱৰ্তন হোৱা নাছিল। মই ১৮ বছৰ ধৰি চৰকাৰী ৰেকৰ্ডত ‘মৃত’ হৈ আছিলো। এতিয়াও কিছুমান মানুহ আছে যাক মৃত ঘোষণা কৰা হৈছে আৰু চৰকাৰী বিষয়াসকলৰ সৈতে মিত্ৰতা কৰি আত্মীয়সকলে তেওঁলোকৰ ভূমি হস্তগত কৰিছে। মই যোৱা দশকবোৰত এনে ভুক্তভোগীসকলক সহায় কৰি আহিছো কিন্তু মোৰ অভিযান অব্যাহত থাকিব লাগিব।”

উল্লেখ্য যে লাল বিহাৰী আজমগড় জিলাৰ আমিলো গাঁৱৰ বাসিন্দা আৰু ১৯৭৫ চনত তেওঁক আনুষ্ঠানিকভাৱে মৃত ঘোষণা কৰা হৈছিল। তেওঁৰ পৰিচয় ঘূৰাই পাবলৈ তেওঁৰ আইনী যুঁজৰ সময়ত তেওঁ নিজৰ নামত ‘মৃতক’ শব্দটো যোগ দিছিল। তেওঁ আনকি তেওঁৰ দৰে ঘটনাবোৰ আলোকপাত কৰিবলৈ এটা মৃতক সংঘ গঠন কৰিছে।

চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকে তেওঁৰ জীৱনৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। যিখনৰ নাম দিয়া হৈছিল ‘কাগাজ’ আৰু অভিনেতা পংকজ ত্ৰিপাঠীয়ে মৃতকৰ চৰিত্ৰত অভিনয় কৰিছিল।

Exit mobile version