আছাম ৰাইফলছৰ পানী কঢ়িওৱা টেংকাৰত ভয়ংকৰ আক্ৰমণ, জােৱান শ্বহীদ

আছাম ৰাইফলছৰ পানী কঢ়িওৱা টেংকাৰত ভয়ংকৰ আক্ৰমণ, জােৱান শ্বহীদ

October 4, 2020 0 By NEWS DESK

অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ৰবিবাৰে পুৱা সংঘটিত হয় উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ কূটাঘাতৰ ঘটনা।

আছাম ৰাইফলছৰ এখন পানী কঢ়িওৱা টেংকাৰলৈ লক্ষ্য কৰি ভয়ংকৰ আই ই ডি বিস্ফােৰণ ঘটায় সন্দেহজনক এন এছ চি এন (খাপলাং) তথা আলফা (স্বা) ৰ সদস্যই।

একাধিক বিস্ফােৰণৰ পাছত ট্ৰাকখনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰাত ঘটনাস্থলীতে এজন জােৱান শ্বহীদ হােৱাৰ বাতৰি পােৱা গৈছে।

আনহাতে, এই ঘটনাত গুৰুতৰভাৱে এজন জােৱান আহত হৈছে বুলি জানিব পৰা গৈছে।

উক্ত ঘটনা চাংলাং জিলাৰ হেতলং গাঁৱৰ সমীপৱৰ্তী জয়ৰামপুৰ-নামপং পথত সংঘটিত হয়।

ঘটনাৰ পাছতে ঘটনাস্থলীত আছাম ৰাইফলছ তথা অৰুণাচল আৰক্ষীৰ লােকে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

লগতে উগ্ৰপন্থী সংগঠনৰ সদস্যক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে।