আছু আৰু AJYCP-এ গঠন কৰা পৰামৰ্শ দাতা সমিতিয়ে দাখিল কৰিলে পৰামৰ্শ প্ৰতিবেদন !

আছু আৰু AJYCP-এ গঠন কৰা পৰামৰ্শ দাতা সমিতিয়ে দাখিল কৰিলে পৰামৰ্শ প্ৰতিবেদন !

September 2, 2020 0 By NEWS DESK

আছু আৰু এজেৱাইচিপিয়ে গঠন কৰি দিয়া পৰামৰ্শ দাতা সমিতিয়ে দাখিল কৰিলে পৰামৰ্শ প্ৰতিবেদন।

৪৫ পৃষ্ঠাজোৰা এক দীঘল প্ৰতিবেদন দাখিল অসম পৰামৰ্শ সমিতি(state advisory committee)ৰ।

দুই সংগঠনৰ নেতৃত্বৰ হাতত এই পৰামৰ্শ প্ৰতিবেদন দাখিল কৰে।

সম্প্ৰতিক পৰিস্থিতিত নতুন আঞ্চলিক দল গঠনৰ সন্দৰ্ভত কমিটিয়ে পৰামৰ্শ আগবঢ়াই।

আছু আৰু এজেৱাইচিপিৰ নেতৃত্বই গ্ৰহন কৰিলে পৰামৰ্শ।

নতুন ৰাজনৈতিক দল গঠনৰ বাবে পৰামৰ্শ আগবঢ়াইছে কমিটিয়ে।

প্ৰতিবেদনৰ পৰামৰ্শসমূহৰ ওপৰত পৰ্যালোচনা কৰি অতি সোনকালেই অসমবাসীক অৱগত কৰিব AASU আৰু AJYCP য়ে।

প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছতহে নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা হ’ব।’ বুলি মত প্ৰকাশ কৰে আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।