আছু-কৃষক মুক্তিয়ে নহয়, এইবাৰ বীৰ লাচিত সেনাই ঘোষণা কৰিলে নতুন ৰাজনৈতিক দল !

আছু-কৃষক মুক্তিয়ে নহয়, এইবাৰ বীৰ লাচিত সেনাই ঘোষণা কৰিলে নতুন ৰাজনৈতিক দল !

August 31, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

সমান্তৰালকৈ ৰাজ্যত জন্ম লাভ কৰিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দল।

এইবাৰ বীৰ লাচিত সেনাই ঘোষণা কৰিলে নতুন ৰাজনৈতিক দল।

যোৰহাটৰ প্ৰেচিডেণ্ট টাৱাৰত এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে সংগঠনটোৰ কেন্দ্রীয় সমিতিয়ে।

১০ দিনৰ পিচত নাম ঘোষণা কৰা হ’ব ৰাজনৈতিক দলটোৰ।

জানিব পৰা মতে, ইতিমধ্যে এখন পৰামৰ্শ কমিটি গঠন কৰা হৈছে আৰু সেই পৰামৰ্শ কমিটিয়ে ঠিৰাং কৰিব নতুন ৰাজনৈতিক দলৰ নাম

সংবাদমেলত উপস্থিত থাকে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা।

অবশ্যে শৃংখল চলিহা নাথাকে প্ৰত্যক্ষ ৰাজনীতিত।

শৃংখল চলিহাই কয়- ‘কংগ্ৰেছ, বিজেপি, এআইডিইউ এফৰ বিৰুদ্ধে প্ৰত্যাহ্বান জানব দলটোৱে।ইতিমধ্যে আছু আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে আলোচনা হৈছে। এইবাৰ অসমৰ ৰাইজে এখন আঞ্চলিক চৰকাৰ পাব।’