আছু সদায় অৰাজনৈতিক হৈ থকাটাে বিচাৰে অসমৰ ৰাইজেঃ সমুজ্জল ভট্টাচাৰ্য

আছু সদায় অৰাজনৈতিক হৈ থকাটাে বিচাৰে অসমৰ ৰাইজেঃ সমুজ্জল ভট্টাচাৰ্য

October 18, 2020 0 By NEWS DESK

দীঘলীয়া বিৰতিৰ পাছত ৰাজহুৱা সভাত আছুৰ উপদেষ্টা

নৱজিৎ শৰ্মা। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই আজি দীঘলীয়া বিৰতিৰ অন্তত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে ভট্টাচাৰ্যই।

ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

সাংবাদিকৰে হােৱাৰ সাক্ষাৎকাৰত তেওঁ কয় যে অসমৰ ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাক সদায়েই অৰাজনৈতিক হৈ থকাটাে বিচাৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰা এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই সমুজ্জল ভট্টাচাৰ্যৰ সম্পৰ্কে যি মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্যক অগ্ৰাহ্য কৰে সমুজ্জল ভট্টাচাৰ্যই।

তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থা সামূহিক নেতৃত্বত চলা এটি সংগঠন আৰু এই সংগঠনটি সামূহিক নেতৃত্বত চলাটো তেওঁ বিচাৰে।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাৰ দৃশ্য

ৰাজ্য তথা ৰাইজৰ স্বাৰ্থতে আছুৰ ৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

তেওঁ কয় যে নীলকণ্ঠৰ ৰূপ লৈ আছুৰ হৈ পূৰ্বতেও কাম কৰি আহিছে আৰু ভৱিষ্যতেও আছু তথা অসমৰ খিলঞ্জীয়া ৰাইজৰ হৈ কাম কৰি যাব।

ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই আগন্তুক ছাত্ৰ সন্থাৰ দুলিয়াজানৰ অধিৱেশনতে ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে।