আজব ঘটনা! এজনী গাই গৰুৱে জন্ম দিলে চাৰিটাকৈ পোৱালী

আজব ঘটনা! এজনী গাই গৰুৱে জন্ম দিলে চাৰিটাকৈ পোৱালী

August 30, 2020 0 By NEWS DESK

কাহানিও নুশুনা এক আজব ঘটনা সংঘটিত হৈছে অসমত।

ৰাজ্যৰ ধুবুৰী জিলাত এজনী গাই গৰুৱে একেলগে জন্ম দিলে ৪ টাকৈ পােৱালি।

ঘটনাৰ স্থান জিলাখনৰ গৌৰীপুৰ থানাৰ এলেকাধীন সুকাতিখাতাত।

জানিব পৰা মতে, স্থানীয় ছিৰাজুল হক নামৰ লােকজনৰ গাই গৰুজনীয়ে কালি মাজনিশা জন্ম দিলে ৪ টা সুস্থ পােৱালী।

ইয়াৰে দুটা দমৰা আৰু দুটা চেউৰী।

এই খবৰ বনজুইৰ দৰে বিয়পি পৰে বৃহত্তৰ অঞ্চলটােত।

তাৰ পাছতে ছিৰাজুলৰ ঘৰলৈ বৈ জনস্ৰােত।

একাংশৰ মতে এই ঘটনাটাে এক অলৌকিক ঘটনা।