Site icon NEWS8 NE

আজব ঘটনা! নিৰুদ্দিষ্ট ব্যক্তিয়ে আৰক্ষীৰ সৈতে নিজেই নিজক বিচাৰি চলালে অনুসন্ধান

নিউজ ডেস্ক। এক আচৰিত ঘটনা। ৫০ বছৰীয়া বেহান মুটলুৱে নাজানিছিল যে তেওঁ চহৰখনত তেওঁৰ বন্ধুবৰ্গৰ সৈতে পানীয় গ্ৰহণৰ সময় উপভোগ কৰি থকাৰ সময়ত নিৰুদ্দিষ্ট হ’ব।

নিচাৰ ৰাগিত তেওঁ বনৰীয়া হাঁহ খেদিবলৈ ওলাইছিল। নিশা বাহিৰলৈ যোৱাৰ পিছত নিচাগ্ৰস্ত হৈ মুটলুৱে অঞ্চলটোৰ ওচৰৰ অৰণ্যত ঘূৰি ফুৰিছিল।

যেতিয়া তেওঁ বহু সময়ৰ ধৰি উভতি অহা নাছিল, তেতিয়া তেওঁৰ বন্ধুসকল চিন্তিত হৈ পৰিছিল। উপায়ন্তৰ হৈ চিন্তিত বন্ধুসকলে তেওঁ নিৰুদ্দেশ হোৱা বুলি আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে নিৰুদ্দেশৰ তথ্য লাভ কৰি মুটলুক বিচাৰিবলৈ এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। আৰক্ষীৰ অনুসন্ধানকাৰী এটা দলে বন্ধু সকলৰ পৰা কিছু তথ্য সংগ্ৰহ কৰিছিল।

সেই অনুসৰি লোকজনক শেষবাৰৰ বাবে দেখা ঠাইখিনিত তন্ন তন্নকৈ বিচাৰিবলৈ সিদ্ধান্ত লৈছিল। দলটোৱে তেওঁৰ বন্ধুসকলৰ সৈতে কিছু সময়ৰ বাবে অৰণ্যত অনুসন্ধান কৰিছিল যদিও তেওঁলোকে লোকজন অৰ্থাৎ মুটলুক বিচাৰি নাপালে।

পিছত যেতিয়া বন্ধু তথা অভিযানকাৰী দলটোৱে তেওঁৰ নাম মাতি অৰণ্যত চিঞৰে, তেতিয়া মুটলুৱে অনুসন্ধানকাৰী গোটৰ মাজত পৰা উত্তৰ দিয়ে।

সুৰাৰ নিচাত মুটলুৱে অনুসন্ধানকাৰী দলটোত যোগ দিছিল আৰু তেওঁলোকৰ সৈতে খোজ কাঢ়িছিল।

দলটোক প্ৰত্যক্ষ কৰি মুটলুৱে ভাবিছিল যে বনাঞ্চলত আন কাৰোবাক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলি আছে। কিন্তু আচৰ্য্যজনক ভাৱে ৫০ বছৰীয়া মুটলুৱে “নিজকে বিচাৰি” কিছু সময় দলটোৰ লগত অতিবাহিত কৰিছিল।

ঘটনাটো অৱশ্যে ভাৰতৰ নহয়, তুৰ্কীৰহে।

তুৰ্কীৰ এটা সংবাদ মাধ্যমৰ মতে, মুটলুক পিছত তেওঁৰ ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। এজন নিৰুদ্দেশ হোৱা ব্যক্তি বা বস্তুৰ বিষয়ে এইটো একমাত্ৰ আচৰিত ঘটনা। যিয়ে শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

Exit mobile version