আজি অৰ্জুন বঁটা গ্ৰহণ কৰিব অসমৰ লাভলীনা বৰগোহাঁইয়ে !

আজি অৰ্জুন বঁটা গ্ৰহণ কৰিব অসমৰ লাভলীনা বৰগোহাঁইয়ে !

August 29, 2020 0 By NEWS DESK

আজি অৰ্জুন বঁটা গ্ৰহণ কৰিব অসমৰ লাভলীনা বৰগোহাঁইয়ে।

কিন্তু কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্ঠিত নহয় কোনো ধৰণৰ বঁটা প্ৰদানৰ অনুষ্ঠান।

দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্স জৰিয়তে ভাগ ল’ব বটা প্ৰদান অনুষ্ঠানত।

শনিবাৰে দিনৰ ১১ বজাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰমে, দিল্লী, মুম্বাই, হাৰিয়ানা, পশ্চিম বংগ, চণ্ডিগড়ৰ পৰা খেলুৱৈ সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত ভাগ ল’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

Assam boxer Loveleena Borgohain wins first bout - Sentinelassam

এই বছৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই।

শনিবাৰে লাভলীনা চণ্ডিগড়ৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

সম্প্ৰতি পাটিয়ালাৰ কেম্পত থকা লাভলীনাই শনিবাৰে পুৱা ৭ বজাতে বটা গ্ৰহণৰ ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণৰ বাবে চণ্ডিগড় অভিমুখে ৰাওনা হৈছে।

উল্লেখ্য যে, আজি অৰ্থাৎ ২৯ আগষ্টত হকীৰ যাদুকৰ ধ্যান চাঁদৰ জন্মদিন। আজিৰ দিনটোত ভাৰতবৰ্ষত প্ৰতিবছৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।