আজি ২১ অক্টোবৰ, বুধবাৰ! আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল জানি লওক…

আজি ২১ অক্টোবৰ, বুধবাৰ! আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল জানি লওক…

October 21, 2020 0 By NEWS DESK

আজি ২১ অক্টোবৰ, বুধবাৰ।

আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ’ব এতিয়াই জানি লওক।

মেষ ৰাশি- পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কালত আপুনি অলপ সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্য লৈ চিন্তিত হ’ব পাৰে৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

বৃষ ৰাশি- সামাজিক সুনাম হানি হোৱাৰ আশংকা বৃদ্ধি৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত কোনো লোকে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত শুভ। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মিথুন ৰাশি- সাংস্কৃতিক কামত জড়িতসকল আজি উপকৃত হ’ব৷ ব্যৱসায়-বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ বিদ্যাত জটিলতা দেখা দিব৷ সৰু-সুৰা ভ্রমণ সম্ভাৱনা আছে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷

কর্কট ৰাশি- আর্থিক ক্ষেত্ৰত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় পোৱাৰ সম্ভাৱনা আছে৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি হোৱাৰ আশংকা৷ প্রেমত বাধা৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷

সিংহ ৰাশি- যান-বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

কন্যা ৰাশি- পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বেয়া নহয়৷ বেচৰকাৰী-চাকৰিয়ালসকলে কর্মক্ষেত্রত বাধা পাব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

তুলা ৰাশি- ব্যৱসায়ৰ আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

বৃশ্চিক ৰাশি- অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী-স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷সাৱধান থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷

ধনু ৰাশি- বন্ধুবর্গৰ লগত সু-সম্পর্ক স্থাপন হ’ব৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

মকৰ ৰাশি- এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে বিশেষ শুভ৷ বিদ্যাত যোগ বাঢ়িব৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

কুম্ভ ৰাশি- ভাই-ভনীৰ পৰা সমাদৰ পাব৷ দিনটোত ধনৰ কষ্ট পাব পাৰে৷ প্রেমত সতর্ক হওক৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ বিদ্যাত বাধা দেখা যায়৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

মীন ৰাশি- ধনাগম বৃদ্ধি পাব৷ বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩

নিউজ ৮ নৰ্থইষ্টৰ তৰফৰ পৰা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।