আজি ২৩ অক্টোবৰ,শুক্ৰবাৰ! আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল জানি লওক…

আজি ২৩ অক্টোবৰ,শুক্ৰবাৰ! আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল জানি লওক…

October 23, 2020 0 By NEWS DESK

আজি ২৩ অক্টোবৰ, শুক্ৰবাৰ।

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ দিনটো কেনেদৰে পাৰ হ’ব।

মেষ ৰাশি- মেঘ ৰাশিৰ জাতক জাতিকা সকলক আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা৷ শুভ ৰঙ- পাতল হালধীয়া বা ক্রীম ৰং৷ শুভ সংখ্যা- ১৷

বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব পাৰে৷ দাম্পত্যত শুভ৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰঙ- নীলা আৰু শুভ সংখ্যা- ৪।

মিথুন ৰাশি- মিঠুন ৰাশিৰ জাতক জাতিকা সকলৰ আজি হঠাৎ ধন প্রাপ্তিৰ যোগ আছে৷ ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগৰ যোগ দেখা যায়৷ পুৱাৰ ভাগত যাত্রা কৰিলে প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ ৰঙ- বগা আৰু শুভ সংখ্যা- ৬৷

কর্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক জাতিকা সকলৰ আজি ব্যৱসায়ত লাভৰ সংযোগ দেখা যায়৷ পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ যাত্রা দিনৰ দহ বজাৰ পিছত কৰিব৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰঙ- পাতল সেউজীয়া আৰু শুভ সংখ্যা- ২৷

সিংহ ৰাশি- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি অনুকূল দিন৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব৷ শুভ ৰঙ-ৰঙা আৰু শুভ সংখ্যা- ৩৷

কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক জাতিকা সকলক আজি ঘৰুৱা সমস্যাই দেখা দিব পাৰে৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে, সাৱধান হ’ব। শুভ ৰঙ- গুলপীয়া আৰু শুভ সংখ্যা- ৯৷

তুলা ৰাশি- তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰ ভালেৰে যোৱা টান৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ আজি বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰাতি নিৰামিষ আহাৰ খাব৷ শুভ ৰঙ- কমলা আৰু শুভ সংখ্যা- ৭৷

ধনু ৰাশি- ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আর্থিক দিশত ভাল যদিও খৰচ বৃদ্ধি পাব৷ ৰাজহুৱা কামত যোগাযোগ৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰঙ- মেৰুণ আৰু শুভ সংখ্যা ২৷

মকৰ ৰাশি- মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক দিশত উন্নত নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ শুভ ৰঙ- ক’লা আৰু শুভ সংখ্যা ৩৷

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক জাতিকা সকলে আজি আর্থিক লেনদেনত সাৱধান হওক৷ দূৰ ভ্রমণৰ যোগ আছে৷ শুভ ৰঙ- ক্রীম ৰং আৰু শুভ সংখ্যা ৩৷

মীন ৰাশি- মীন ৰাশিৰ জাতক জাতিকা সকলৰ ব্যৱহাৰিক দিশত শান্তি থাকিব৷ পঢ়া–শুনাত শুভ৷ কর্মক্ষেত্রত খ্যাতি লভিব। শুভ ৰঙ- হালধীয়া আৰু শুভ সংখ্যা ১৷

নিউজ ৮ নৰ্থইষ্টৰ তৰফৰ পৰা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।