NEWS8 NE

আজৱ কাণ্ড! জীয়াই থাকোতেই মৃত ঘোষণা কৰি এগৰাকী বৃদ্ধাৰ মাটি আনৰ নামত নামজাৰি কৰিলে ৰাজহ বিভাগে

নিউজ ডেস্কঃ এগৰাকী অশীতিপৰ বৃদ্ধাক জীৱিত অৱস্থাতে মৃত ঘোষণা কৰিলে ৰাজহ বিভাগে।

বৃদ্ধাগৰাকীক মৃত ঘোষণা কৰি তেওঁৰ প্ৰায় ৪ বিঘা মাটি উত্তৰাধিকাৰীসূত্ৰে আনৰ নামত নামজাৰি কৰে ৰাজহ চক্ৰ কাৰ্যালয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ প্ৰয়াত খগেন বায়ন (সাউ)ৰ পত্নী হৰিপ্ৰিয়া বায়ন বৰ্তমানো জীয়াই আছে।

কিন্তু ২০০৪ চনতে এগৰাকী আশীৰ উৰ্দ্ধৰ বৃদ্ধাক মৃত ঘোষণা কৰি নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ে একে গাঁৱৰে দুই ককাই-ভাই ক্ৰমে গুণমণি বৈশ্য আৰু কুলমণি বৈশ্যৰ নামত নামজাৰি কৰে হৰিপ্ৰিয়া বায়নৰ ৩০৯ আৰু ৩১০ নং দাগৰ ৪ বিঘা ১ কঠা ২ লেছা মাটি।

কিন্তু শেহতীয়াকৈ চৰকাৰৰ ধৰিত্ৰী আঁচনিৰ জৰিয়তে হৰিপ্ৰিয়া বায়নৰ দুই পুত্ৰই মাটিখিনিৰ ৰেকৰ্ড পৰীক্ষা কৰাত পোহৰলৈ আহে প্ৰায় ৮ বছৰ পূৰ্বে সংঘটিত ৰাজহ বিভাগৰ এই বিসংগতি।

বৰ্তমান ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা পৰ্যায়তো নামজাৰি খাৰিজৰ আবেদন দাখিল কৰিছে। কিন্তু এগৰাকী জীৱিত মহিলাৰ নামত থকা মাটি কাৰ ভুলৰ বাবে তেওঁক মৃত ঘোষণা কৰি আনৰ নামত নামজাৰি কৰা হ’ল, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

অন্যহাতে জীয়াই থাকোতেই এনেদৰে নিজৰ মাটি আনৰ নামত নামজাৰি হোৱাত চকুপানীৰে বাট নেদেখা হৈছে অশীতিপৰ হৰিপ্ৰিয়া বায়নেও।

লগতে চাওকঃ

উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ ভূমি পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী

শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

Exit mobile version