NEWS8 NE

আজৱ চুৰি! বাইক এৰি এইবাৰ পাৰ্টছ খুলি লৈ গ’ল চোৰে…

নিউজ ডেস্কঃ বাইক নহয়, এইবাৰ চোৰে চুৰি কৰি লৈ গ’ল বাইকৰ পাৰ্টছ!

বাইক এৰি চোৰে কেৱল বাইকৰ পাৰ্টছ খুলি লৈ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱা চমুৱা গাঁৱত সংঘটিত হয় এই ব্যতিক্ৰমী চুৰিকাণ্ড।

শুকুৰবাৰে নিশা চোৰে এখন বাইকৰ পৰা পাৰ্টছ খুলি চুৰি কৰি নিয়া কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে অঞ্চলটোত।

বাতৰি অনুসৰি, স্থানীয় নিৱাসী ধৰ্মেন্দ্ৰ গগৈৰ পুত্ৰ নিতুল গগৈৰ এএছ ০৬এএ ৪৩৯০ নম্বৰৰ হিৰ’ স্প্লেণ্ডাৰ বাইকখন নিশা থৈ দিয়া আছিল ঘৰৰ গেৰেজত।

কিন্তু চোৰে নিশাৰ অন্ধকাৰ আৰু গৃহস্থৰ টোপনিৰ সুযোগ লৈ বাইকখনৰ দুটা চকা, দুটা চ’কেট জাভা আৰু চিটটো খুলি লৈ যায়।

শুকুৰবাৰে নিশা সংঘটিত এই চুৰিকাণ্ডৰ বিষয়ে পুৱা জানিব পৰাৰ পিছতে নিতুল গগৈয়ে খোৱাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

Exit mobile version