NEWS8 NE

আজৱ প্ৰেম! ছাগলীৰ মাংসৰ জোল খাই ৫৫ বছৰীয়া ঘৰুৱা ৰান্ধনীৰ প্ৰেমত পাগল হ’ল ২২ বৰ্ষীয় যুৱতী, ভাইৰেল প্ৰেম কাহিনী…

নিউজ ডেস্কঃ কোৱা হয় যে মানুহৰ হৃদয়লৈ যোৱা পথটো তেওঁৰ পেটৰ মাজেৰেই পাৰ হৈ যায়। পাকিস্তানৰ এহাল দম্পতীয়ে এই প্ৰবাদটো সত্য কৰি তুলিছে। দুয়োৰে প্ৰেম কাহিনী ছচিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে।

দুয়োৰে মাজত ৩৩ বছৰৰ ব্যৱধান আছে। আলিয়াৰ বয়স ২২ বছৰ আৰু ৰফিকৰ বয়স ৫৫ বছৰ। দুয়ো ইজনে আনজনৰ প্ৰেমত পৰাৰ পিছত বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলে।

উল্লেখ্য যে, প্ৰথমবাৰ বাবে একেখন ৰিক্সাত যাত্ৰা কৰাৰ সময়ত দেখা হৈছিল আলিয়া আৰু ৰফিকৰ।

প্ৰথম সাক্ষাৎতে দুয়োৰে মাজত কাজিয়া হৈছিল। বিষয়টো ইমানেই বাঢ়ি গৈছিল যে আলিয়াই ৰফিকক চৰ পৰ্যন্ত মাৰিছিল।

কিন্তু ইয়াৰ পিছতে এবাৰ ৰফিকে ৰন্ধা ছাগলী মাংসৰ খাই দুয়োৰে মাজৰ কাজিয়াৰ অন্ত পৰাই নহয়, প্ৰেমৰো আৰম্ভণি ঘটে।

পাকিস্তানৰ ইউটিউবাৰ চৈয়দ বাসিত আলীয়ে শ্বেয়াৰ কৰিছে এই দম্পতীৰ কাহিনী।

ৰফিকে কয় যে তেওঁ আলিয়াক এখন ৰিক্সাত লগ পাইছিল। এই সময়ত কাজিয়া হৈছিল আৰু আলিয়াইও তেওঁক চৰ মাৰিছিল। আলিয়া ৰিক্সাৰ পৰা নামি অহাৰ পিছত ৰফিক তেওঁৰ পিছে পিছে গৈ আলিয়াৰ ঘৰ ওলাইছিল।

তেনেকৈ তেওঁলোকৰ মাজত আহযাহ আৰম্ভ হ’লেও অৱশ্যে কাজিয়াৰ অন্ত পৰা নাছিল। এটা সময়ত ৰফিকে আলিয়াৰ ঘৰতে কুক হিচাপে চাকৰি লাভ কৰিছিল।

ৰান্ধনী হিচাপে ৰফিকে কাম আৰম্ভ কৰি প্ৰথম দিনাই আলিয়া আৰু পৰিয়ালৰ বাবে ছাগলীৰ মাংস বনায়। আৰু সেই মাংস খায়েই আলিয়াই ৰফিকৰ প্ৰেমত পৰে।

আলিয়াই কয় যে ৰফিকৰ দৰে আন কোনেও খাদ্য ৰান্ধিব নোৱাৰে। ছাগলীৰ মাংসই দুয়োৰে প্ৰেমৰ এনাজৰীৰে বন্ধাৰ পিছত অৱশেষত তেওঁলোকে বিবাহৰ সিদ্ধান্ত লয়।

বৰ্তমান ৰফিকে ঘৰৰ কাম চোৱাচিতা কৰে আৰু আলিয়াই অনলাইন ব্যৱসায় কৰে।

Exit mobile version