আত্মপ্ৰকাশ ঘটিল ‘অসম জাতীয় পৰিষদ’ৰ ভাতৃ সংগঠন ‘জাতীয় যুৱ শক্তি’ৰ!

আত্মপ্ৰকাশ ঘটিল ‘অসম জাতীয় পৰিষদ’ৰ ভাতৃ সংগঠন ‘জাতীয় যুৱ শক্তি’ৰ!

October 16, 2020 0 By NEWS DESK

শুকুৰবাৰে আত্মপ্ৰকাশ ঘটিল সদ্যগঠিত নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন ‘জাতীয় যুৱ শক্তি’ৰ।

গুৱাহাটীৰ ঐতিহাসিক কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আত্মপ্ৰকাশ কৰে সংগঠনটোৱে।

ৰাজ্যৰ ২৮৫গৰাকী যুৱ প্ৰতিনিধিয়ে যোগদান কৰে জাতীয় যুৱ শক্তিত।

লগতে গঠন কৰা হয় এখন আহ্বায়ক সমিতিও।

এই আহ্বায়ক সমিতিত আছে ১২গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫গৰাকী ৰাজ্যিক আহ্বায়ক।

মুখ্য আহ্বায়ক সকল হ’ল ক্ৰমে, লাকীমণি বৰুৱা, ডঃ দুলেন বৰা, আমিৰ হুছেইন, ডাঃ লক্ষ্যজ্যোতি বৰা, দীপাংকৰ দলে, চন্দ্ৰপল বৰুৱা, দীপাংকৰ সোণোৱাল, বিতুল চুতীয়া, কুশল কুজুৰ, নিভা দত্ত, ৰবীন্দ্ৰ চাংমাই আৰু নোমল বৰা।

Image may contain: 12 people, text that says "'জাতীয় যুব শক্তি 'ব নবনিযুক্ত মুখ্য বাজ্যিক আহ্থায়কসকল- সহাটা গত লাকীমনি বকরা ড দুলেন ববা বিতুল চুতীয়া দীপাংকব সোনোবাল ডাঃ লক্ষ্যজ্যোতি ববা ববীন্দ্র চাংমাই চন্দ্রপল বকুরা আমিব হুছেইন দিপাংকব দলে নিভা দত্ত কুশল কান্ত কুজুব assamjatiyaparishad নোমল ববা JatiyaParishad assamjatiyaparishad"

অনুষ্ঠানত দলটোৰ মুখ্য সমন্বয়কসকল ক্ৰমে, জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, চিত্ৰৰঞ্জন বসুমতাৰী প্ৰমুখ্যে আন নেতাসকল উপস্থিত থাকে।