Site icon NEWS8 NE

আদবাটতে বিকল হ’ল ৰে’লৰ ইঞ্জিন, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। আপুনি নিশ্চয় ট্ৰাক, বাছ বা সৰু গাড়ীকে ধৰি আন বহুতো বাহন ঠেলা-ঠেলি কৰা দেখিছে আৰু শুনিছে। গাড়ীৰ ষ্টাৰ্ট নহ’লেও প্ৰায়ে গাড়ী ঠেলা দেখা যায়।

কিন্তু আপুনি ৰে’ল ঠেলা বুলি কেতিয়াবা শুনিছে বা দেখিছেনে?

নিশ্চয়কৈ আপুনি তেনে অবান্তৰ কথা শুনা নাই বা হয়তো মানুহক ৰেল ঠেলি থকা দেখা নাই। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে তেনে এক দৃশ্য। যিটো দেখি আপুনিও আচৰিত হ’ব লাগিব আৰু ভাবিব লাগিব যে কেনেকৈ ৰেল ঠেলিব পাৰে।

তেনে দৃশ্য দেখিবলৈ পোৱা গল মধ্য প্ৰদেশৰ হাৰ্দা জিলাত। য’ত মানুহে এখন ৰেল ট্ৰেকত ঠেলিছিল।

জানিব পৰা মতে, গোটেই ঘটনাটো পশ্চিম মধ্য ৰেলৱে মণ্ডলৰ ভূপাল বিভাগৰ ইটাৰ্চি-হাৰদাৰ মাজৰ টিমাৰ্ণী ষ্টেচনৰ।

ঘটনাটো শনিবাৰে দুপৰীয়া ১.৩০ বজাত সংঘটিত হয়। য’ত ৰেলপথ আৰু পাৱাৰ লাইন মেৰামতি কৰা টাৱাৰ ৱাগন খনৰ হঠাতে কিছু কাৰিকৰী বিজুতিৰ উদ্ভৱ হয়।

ৱাগনখন আগবাঢ়ি গৈ আছিল কিন্তু ঘূৰি যাব নোৱাৰিলে। যাৰ বাবে প্ৰায় ৪০-৫০ জন শ্ৰমিকে মুখ্য ৰেলপথটোৰ পৰা টাৱাৰ ৱাগনৰ ইঞ্জিন আঁতৰাবলৈ সেইখন ঠেলিছিল। আৰু তেনেদৰে ঠেলি ইয়াক ৩০০ মিটাৰ দূৰত থকা আন ৰেল লাইন অৰ্থাৎ লুপ লাইনত ৰাখিছিল।

টাৱাৰ ৱাগন খনৰ কাৰণে যাত্ৰীবাহী বিশেষ ৰেল পৱন এক্সপ্ৰেছ দুঘণ্টাৰ বাবে ৰৈ যাব লগীয়া হৈছিল।

ৰে’ল ষ্টেচনৰ প্ৰবন্ধক অনিল কুমাৰ সিঙৰ পৰা পোৱা তথ্য অনুসৰি, ৱাগনখনত কাৰিকৰী ত্ৰুটিৰ সৃষ্টি হৈছিল। ৰেল ষ্টেচনৰ ওচৰৰ এখন মালবাহী ৰেলৰ পৰা এক ডজনতকৈও অধিক লোকক অনা হৈছিল। তেওঁলোক আৰু আন লোকৰ সহায়ত ৱাগনখনক ঠেলি মুখ্য ট্ৰেকৰ পৰা আঁতৰাই নিয়া হৈছিল।

খবৰ অনুসৰি ০১০৬৪ নম্বৰৰ পৱন এক্সপ্ৰেছখন সেই সময়ত সেই ট্ৰেকৰ মাজেৰে পাৰ হ’বলৈ ওলাইছিল। কিন্তু ৱাগনৰ বিজুতিৰ বাবে পৱন এক্সপ্ৰেছখন দুপৰীয়া ১:৪৫ বজাৰ পৰা আবেলি ৪:৪৫ বজালৈ ৰৈ যাব লগীয়া হৈছিল।

Exit mobile version