আদালতৰ বাধাৰ পিচতো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি বিপদত অগপ !

আদালতৰ বাধাৰ পিচতো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি বিপদত অগপ !

September 8, 2020 0 By NEWS DESK

পুনৰ সংকটত ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্ব।

অসম গণ পৰিষদৰ ২৭ আগষ্টৰ সাধাৰণ পৰিষদৰ সভা আৰু সভাপতি নিৰ্বাচনত পুনৰবাৰ স্থগিতাদেশ জাৰি কৰিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।

আদালতৰ বাধাৰ পিচতো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ ২৫ খন মাত্ৰ জিলা সমিতিৰ উপস্থিতিত ২৭ আগষ্টৰ দিনা পুনৰ সভাপতি আৰু কাৰ্যকাৰী সভাপতি পদত কৌশলপূৰ্ণভাবে নিবাচিত হৈছিল অতুল বৰা আৰু কেশৱ মহন্ত।

 সভাপতি আৰু কাৰ্যকাৰী সভাপতি পুৃনৰ কুক্ষিগত কৰিবলৈ গৈ এইবাৰ আদালতৰ মজিয়াত বাৰুকৈ মুখ থেকেচা খাইছে ক্ষমতা লোভী অগপৰ দুই মন্ত্ৰীয়ে ।

আদালত অবমাননা কৰা অভিযোগ উত্থাপন কৰি জনোৱা এক আবেদনৰ পৰিপ্ৰেক্ষিতত ২৭ আগষ্টত অনুষ্ঠিত সভা খনৰ সিদ্ধান্ত কাৰ্যকাৰীকৰণৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে ।

কেবল সেয়াই নহয় আদালতৰ পৰবৰ্তী শুনানিত ২৭ আগষ্টৰ সভাৰ কাৰ্য বিবৰনী উপস্থিত সদস্যৰ চহী সম্বলিত প্ৰস্তাব ফটোগ্ৰাফ আৰু সেই দিনটোৰ চিচিটিভি ফুটেজকে ধৰি সমস্ত তথ্য আদালতত দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে দলৰেই তিনিগৰাকী নেতা ক্ৰমে জিতেন ডেকা, গিৰিণ তালুকদাৰ আৰু হেমেন লহকৰে দাখিল কৰা গোচৰৰ ভিত্তিতেই সত্ৰ ন্যায়াধীশে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।