আনল’ক-৪ৰ গাইডলাইনঃ ৩০ ছেপ্তেম্বৰলৈকে খুলিব নোৱাৰিব শিক্ষানুষ্ঠান ! পঢ়ক সবিশেষ…

আনল’ক-৪ৰ গাইডলাইনঃ ৩০ ছেপ্তেম্বৰলৈকে খুলিব নোৱাৰিব শিক্ষানুষ্ঠান ! পঢ়ক সবিশেষ…

August 30, 2020 0 By NEWS DESK

আনল’ক-৪ৰ নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

পূৰ্বৰে পৰা অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ সাল-সলনি কৰিছে কেন্দ্ৰই।

এই গাইডলাইন অনুসৰি দেশৰ যিবোৰ স্থান কন্টেইনমেন্ট হিচাপে ঘোষণা কৰা হৈছে সেই স্থান সমূহত অহা ৩০ ছেপ্টেম্বৰ, ২০২০লৈ কঠোৰ লকডাউন অব্যাহত থাকিব।

লকডাউনৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব এই কন্টেইমেন্ট জ’নসমূহত।

বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান, কোচিং ইনষ্টিটিউট আদি ৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব।

অৱশ্যে অনলাইন ক্লাছ, ডিষ্টেন্স লাৰ্ণিং সমূহো অব্যাহত থাকিব।

অনলাইন শিক্ষাদানৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহলৈ ৫০ শতাংশ শিক্ষক তথা কৰ্মচাৰীসকল যাব পাৰিব।

৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব মেট্ৰ’ ৰে’ল। অৱশ্যে এইক্ষেত্ৰত মিনিষ্ট্ৰী অৱ আৰবান এফেয়াৰছে মানি চলিবলগীয়া নীতি নিয়মসমূহ নিশ্চিত কৰিব।

নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব পাৰিব।

আইটিআই বা আনবোৰ কাৰিকৰী শিক্ষাৰে জড়িত শিক্ষানুষ্ঠান/ইনষ্টিটিউটসমূহ খুলিব পাৰিব।

২১ ছেপ্টেম্বৰৰ পৰা ১০০ জন লোকৰ উপস্থিতিত সামাজিক, ক্ৰীড়া, মনোৰঞ্জন সাংস্কৃতিক, ধৰ্মীয়, ৰাজনৈতিক আদি অনুষ্ঠান চলি থাকিব।

 ২১ ছেপ্তেম্বৰৰ পৰা মুকলি মঞ্চত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবেও অনুমতি দিয়া হৈছে নিৰ্দেশনাত।

অনুষ্ঠানসমূহত সকলোৱে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

অৱশ্যে বিবাহ অনুষ্ঠানত ৫০জন আৰু অন্ত্যেষ্টিক্ৰিয়াত ২০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণত কোনো বাধা নাথাকিব।

লগতে কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কন্টেইনমেন্ট জ’নৰ বাহিৰতো কোনো স্থানীয় লকডাউন দিব নোৱাৰিব।

৬৫ বছৰ উৰ্ধৰ ব্যক্তি, সন্তান সম্ভৱা মহিলা, ১০ বছৰৰ তলৰ শিশু ঘৰত থাকিব লাগিব।