আনুষ্ঠানিক ঘোষণাঃ গঠন হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল !

আনুষ্ঠানিক ঘোষণাঃ গঠন হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল !

August 22, 2020 0 By NEWS DESK

নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।

শীঘ্ৰেঅ গঠন হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল।

সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বৰ।

পূৰ্বৰ ‘গণ মুক্তি সংগ্ৰাম অসম’ নহয়, এটা নতুন নামেৰে গঠন হ’ব আঞ্চলিক ৰাজনৈতিক দল।

ইতিমধ্যে দলৰ সংবিধান আৰু কৰ্মসূচী প্ৰস্তুত কৰা হৈছে।

কৰ্মসূচীখনৰ নাম দিয়া হৈছে- ‘অসমবাসীৰ জাতীয় কৰ্মসূচী।’

‘অসমবাসীৰ জাতীয় কৰ্মসূচী’ক আমি আধুনিক অসমীয়া জাতিৰ বুনিয়াদী দলিল বুলি ভাবিছো বুলি মন্তব্য কৰে কৃষক মুক্তিয়ে।

আঞ্চলিক দলটোৱে সকলো জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ-ভাষাৰ ৰাইজক সামৰি লোৱা হ’ব বুলি সংবাদমেলত সদৰি কৰে।

সংবাদমেলত কয়-‘ এই দলটো আপোচবিহীন আঞ্চলিক দল হ’ব।দল গঠনৰ সকলো ধৰণৰ বৌদ্ধিক কাম-কাজ সমাপন কৰা হৈছে।

আঞ্চলিকতাবাদৰ বিশ্বাসী, অসমৰ স্বাভিমানৰ প্ৰতি দায়ৱদ্ধ, জাতীয় ভাৱ সম্পন্ন, ধৰ্ম নিৰপেক্ষ, আপোচবিহীন আৰু প্ৰগতিশীল ব্যক্তিক দলত যোগদান কৰিবলৈ আহ্বান।