আফগানিস্তানৰ উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমা নিক্ষেপ ! ১০জন লোক নিহত…

আফগানিস্তানৰ উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমা নিক্ষেপ ! ১০জন লোক নিহত…

September 9, 2020 0 By NEWS DESK

কাবুলত আফগানিস্তানৰ উপৰাষ্ট্ৰপতিক বোমাৰে আক্ৰমণ।

বুধবাৰে দেশখনৰ উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমা নিক্ষেপ কৰাত কমেও ১০ জন লোকৰ মৃত্যু ঘটে।

লগতে ১২ জনৰো অধিক লোক গুৰুত্বৰভাৱে আহত হয়।

য’ত উপৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীও আহত হৈছে।

আনহাতে আফগানিস্তানৰ উপৰাষ্ট্ৰপতি অমৰুল্লাহ চালেহৰ পুত্ৰ এবাদ চালেহে টুইটাৰত লিখিছে যেতিয়া উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমাৰে আক্ৰমণ কৰা হৈছিল, তেতিয়া তেওঁৰ পিতৃৰ সৈতে আছিল।

বৰ্তমান দুয়োজনেই সুৰক্ষিত আছে বুলিও এবাদে স্পষ্ট কৰে।