আমাক ৰাইজৰ শাসন লাগে, ৰাজ্যপালৰ নহয়ঃ হাগ্ৰামা

আমাক ৰাইজৰ শাসন লাগে, ৰাজ্যপালৰ নহয়ঃ হাগ্ৰামা

September 29, 2020 0 By NEWS DESK

নিৰ্বাচন অনুষ্ঠিত নকৰালৈকে চলিব আন্দােলনঃ হাগ্ৰামা

কােকৰাঝাৰ। বড়ােলেণ্ডত টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ নাম বড়ােলেণ্ড টেৰিটৰিয়েল ৰিজনলৈ সলনি কৰা হ’ল।

কিন্তু বড়ােলেণ্ডত ৰাইজৰ শাসনৰ সলনি চলি আছে ৰাজ্যপালৰ শাসন। আমাক ৰাইজৰ শাসন লাগে, ৰাজ্যপালৰ শাসন নালাগে।

এই মন্তব্য কৰিছে বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

কােকৰাঝাৰত সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত হাগ্ৰামাই কয় যে ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ অহা ২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

বিটিচিত গণতন্ত্ৰক হত্যা কৰাৰ দৰে হৈছে বুলিও হাগ্ৰামাই অভিযােগ তােলে।

নিৰ্বাচন অনুষ্ঠিত নকৰালৈকে আন্দোলন অব্যাহত থাকিব বুলিও পুনৰবাৰ মন্তব্য কৰে হাগ্ৰামাই।