আমি যদি মেকুৰী, আমি সজাগ থাকিম! এন্দুৰ সোমাব নিদিও বিটিচিতঃ চন্দন ব্ৰহ্ম

আমি যদি মেকুৰী, আমি সজাগ থাকিম! এন্দুৰ সোমাব নিদিও বিটিচিতঃ চন্দন ব্ৰহ্ম

November 20, 2020 0 By NEWS DESK

নিউজ ডেস্ক। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘােষণা লগে লগে তীব্ৰতৰ হৈ পৰিছে বিপিএফ-বিপেজিৰ ৰাজনৈতিক দ্বন্দ্ব।

এসময়ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰশংসাৰে ওপচাই পেলােৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰতিখন নিৰ্বাচনী সভাত মুকলিকৈ সমালােচনা কৰিছে হাগ্ৰামাক।

আনকি সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মকাে বিভিন্ন বাক্যবাণেৰে থকাসৰকা কৰিছে হিমন্তই।

ইপিনে, এই সমালােচনাৰ প্ৰত্যুত্তৰ দিছে মন্ত্ৰী চন্দন ব্ৰহ্মই।

চিৰাং জিলাৰ কাজলগাঁৱত দলীয় সভাত মন্ত্ৰী ব্ৰহ্মই কয় যে হিমন্ত বিশ্ব শৰ্মাই যিমানেই তাচ্ছিল্য নকৰক কিয় বিটিচিবাসীয়ে হাগ্ৰামাক চিফ বুলি মানিবই।

হিমন্তৰ হৃদয় থাকিলে বুজিলেহেঁতেন যে সংগ্ৰামৰ অন্তত এই বিটিচি পাবলৈ সক্ষম হৈছিল ।

ইতিহাস নাজানিলে, এইবোৰ কথা কিদৰে জানিব বুলিও কয় চন্দন ব্ৰহ্মই।

হিমন্তৰ দৰে এজন দায়িত্বশীল মন্ত্ৰীৰ এই ধৰণৰ কথাই সমাজত বিৰুপ প্ৰভাৱ পেলায়।

হিমন্তৰ যি অহংকাৰ তাক বিটিচিবাসীয়ে ঘৃণা কৰে।

হিমন্তক আমিয়ো তাচ্ছিল্য কৰিবলৈ বাধ্য বুলি কয় যে আমি যদি মেকুৰী তেন্তে আপুনি নিগনি/এন্দুৰ।

আমি সদায় সজাগ থাকিম আৰু বিটিচিত এন্দুৰ সোমাব নিদিও বুলিও কয় চন্দন ব্ৰহ্মই।