NEWS8 NE

আমেৰিকাত চাকৰি এৰি দেশত গৰুৰ গাখীৰৰ ব্যৱসায় IIT ৰ ছাত্ৰৰ, বাৰ্ষিক আয় ৪৪ কোটি টকা

নিউজ ডেস্ক। তেওঁৰ নাম কিশোৰ ইন্দুকুৰী। আই আই টি খৰগপুৰৰ এজন প্ৰাক্তন ছাত্ৰ। বিদেশত উচ্চ শিক্ষাৰ লগতে চাকৰিয়ো কৰি আছিল তেওঁ। কিন্তু স্ব-ভূমিয়ে হাত বাউল দি মাতি আছিলে তেওঁক।

সেয়েহে বিদেশৰ বিপুল আয়ৰ চাকৰি এৰি স্বদেশলৈ ঘূৰি আহিল কৰ্ণাটকৰ যুৱকজন।

আমেৰিকাত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি ডক্টৰেট ডিগ্ৰীয়ো লাভ কৰিছিল। ৬ বছৰ দিন তেওঁ কাম কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক নাম থকা সংস্থাত। তেওঁ মোটা অংকৰ দৰমহায়ো লাভ কৰিছিল তাত। জীৱন যাপনো কৰিছিল বিলাসপূৰ্ণ ভাৱে।

কিন্তু সেই সকলো মায়া এৰি তেওঁ ঘূৰি আহিল স্বদেশলৈ। স্বদেশলৈ আহি কিন্তু তেওঁ যোগদান নকৰিলে কোনো চাকৰিত। আৰম্ভ কৰে নিজাকৈ ব্যৱসায়। তাকো গৰুৰ গাখীৰৰ ব্যৱসায়। তেওঁ বুজি পাইছিল যে তেওঁ থাকিবলৈ লোৱা হাইদৰাবাদত স্থানীয়ভাৱে পৰিশোধিত গাখীৰৰ অভাৱ আছে। সেয়েহে তেওঁ ২০ টি গৰু ক্ৰয় কৰি নিজাকৈ আৰম্ভ কৰিলে ব্যৱসায়।

২০১২ ৰ পৰা তেওঁৰ আৰম্ভ হৈছিল সেই যাত্ৰা। নিজৰ সঞ্চিত সমস্ত টকা তেওঁ নিয়োজিত কৰে সেই ব্যৱসায়ত। তেওঁ গৰুৰ গাখীৰ বিক্ৰী কৰাৰ কামো আৰম্ভ কৰে। তাৰ বাবে তেওঁ নিয়োগ কৰে কেইজনমান যুৱকক। গ্ৰাহকৰ দুৱাৰ মুখে দুৱাৰ মুখে প্ৰতিদিনে পায়গৈ তেওঁৰ গাখীৰ।

তেওঁৰ গাখীৰৰ উৎপাদন বৃদ্ধি পায়। সেয়েহে গাখীৰ মজুত ৰাখিবলৈ তেওঁ ক্ৰয় কৰে এটা বিশেষ ফ্ৰীজ। য’ত তেওঁৰ উৎপাদিত অতিৰিক্ত গাখীৰ সমূহ জমা কৰি যাব পাৰে। লাহে লাহে তেওঁৰ ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি পাবলৈ ধৰে। তেওঁৰ পুত্ৰৰ নাম আছিল সিদ্ধাৰ্থ। সেই নামৰ সৈতে মিলাই তেওঁৰ গাখীৰৰ ব্যৱসায়ৰ নাম ৰাখে চিডছ ফাৰ্ম (Sids Farm)।

২০১৮ চনত তেওঁৰ গ্ৰাহকৰ পৰিমাণ হয়গৈ ৬ হাজাৰ। মূলত হাইদৰাবাদ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলতেই আছিল সেইসকল গ্ৰাহক। ১২০ জন কৰ্মীয়ে কাম কৰে তেওঁৰ ফাৰ্মত। তেওঁৰ মাহৰ আয় হয় প্ৰায় ৪০ কোটি টকা। আৰু পিছলৈ তেওঁৰ গ্ৰাহকৰ সংখ্যা হয়গৈ ১০ হাজাৰৰো বেছি।

এনেদৰেই তেওঁ লাভ কৰিলে সফলতা। আৰম্ভণিৰ দিনবোৰ আছিল তেওঁৰ বাবে বৰ কষ্টকৰ। কেতিয়াবা নিজে গৈয়ো আনৰ ঘৰত যোগান ধৰিব লগা হৈছিল গাখীৰ। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকৰ সঞ্চিত ধনো নিয়োজিত কৰিব লগা হৈছিল এই ব্যৱসায়ত। সেই সময়ত তেওঁ ব্যৱসায়ত নিয়োগ কৰিব লগা হৈছিল ১ কোটি টকা।

পিছৰ বছৰ তেওঁ আৰু ২ কোটি টকা নিয়োগ কৰিব লগা হৈছিল। আৰু লাহে লাহে লাভৰ মুখ দেখে প্ৰাক্তন আই আই টিয়ান জনে। ইয়াৰ লগে লগে ২০১৮ চনত তেওঁ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে বেংকৰ পৰা ১.৩ কোটি টকাৰ ঋণ লয়। আৰু লগতে তেওঁ মহৰ গাখীৰৰ ব্যৱসায়ো আৰম্ভ কৰে।

গৰু আৰু মহৰ গাখীৰৰ ব্যৱসায় তেওঁ আৰম্ভ কৰিছিল যদিও এতিয়া তেওঁৰ ব্যৱসায় আগবাঢ়ি গল বহুদূৰ। এতিয়া তেওঁৰ ব্যৱসায়ৰ অন্তৰ্ভুক্তি হল বিভিন্ন দুগ্ধজাত সামগ্ৰী উৎপাদন আৰু বিক্ৰী। দৈ, ঘিঁউ, মাখন, ক্ৰীম আদি সকলো সামগ্ৰী অন্তুৰ্ভুক্ত হল তেওঁৰ ব্যৱসায়ত। চিডছ ফাৰ্মত এতিয়া অত্যাধুনিক প্ৰযুক্তিৰে উৎপাদন কৰা হয় এই দুগ্ধজাত দ্ৰৱ্যসমূহ।

কোৰোনা আৰু লকডাউনৰ বাবে তেওঁৰ ব্যৱসায়ত কিছু প্ৰভাৱ পৰিছে যদিও বিশেষ লোকচানৰ সন্মুখীন হোৱা নাই তেওঁৰ চিডছ ফাৰ্ম। বৰ্তমান এই ব্যৱসায়ীজন আদৰ্শ হৈ পৰিছে দেশৰ বহুতো যুৱকৰ।

Exit mobile version