আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত !

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত !

September 9, 2020 0 By NEWS DESK

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে।

ইজৰাইল আৰু সংযুক্ত আৰব ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক শান্তি বাৰ্তাৰ সূচনা কৰাত ড’নাল্ড ট্ৰাম্পে পালন কৰা দায়িত্বৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নৰৱেৰ সংসদৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে।

নৰৱেৰ সাংসদ খ্ৰীষ্টিয়ান টাইব্ৰিঙে মধ্যপ্ৰাচ্যত শান্তি সূচনাৰ প্ৰসংগত ট্ৰাম্পে আগবঢ়োৱা সহযোগিতা বাবে নোবেল কমিটীলৈ ৰাষ্ট্ৰপতিগৰাকীৰ নাম পঠিয়াই দিয়ে।

সাংসদ খ্ৰীষ্টিয়ান টাইব্ৰিঙে শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পে আগবঢ়োৱা সহযোগিতা যথেষ্ট বুলি উল্লেখ কৰে।

উল্লেখ্য ইতিমধ্যে ৩১৮গৰাকী প্ৰাৰ্থীৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।