আশ্চৰ্যজনক! ৪০৪২টা চাউলৰ ওপৰত এগৰাকী মহিলাই লিখি উলিয়ালে ভাগৱত গীতা…

আশ্চৰ্যজনক! ৪০৪২টা চাউলৰ ওপৰত এগৰাকী মহিলাই লিখি উলিয়ালে ভাগৱত গীতা…

October 20, 2020 0 By NEWS DESK

আশ্চৰ্যজনক প্ৰতিভাৰ অধিকাৰী এগৰাকী মহিলা।

চাউলৰ ওপৰত লিখি উলিয়াইছে ভাগৱত গীতা।

Image

হাইদৰাবাদৰ এগৰাকী মহিলাই চাউলৰ ওপৰত লিখি উলিয়াইছে ভাগৱত গীতা।

Image

৪০৪২টা চাউলত ১৫০ ঘণ্টাজোৰা পৰিশ্ৰমৰ অন্ততঃ লিখি উলিয়াইছে গীতাখন।

যুৱতীগৰাকীৰ নাম হৈছে ৰামাগিৰী সৰিকা।

Image

ৰামাগিৰী সৰিকা হ’ল হাইদৰাবাদৰ এগৰাকী আইনৰ ছাত্ৰী।

ছাত্ৰীগৰাকীয়ে জনায় যে, তেওঁ মাইক্ৰ’ আৰ্টৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি আহিছে।

উল্লেখ্য যে, বিগত সময়ত যুৱতী গৰাকীয়ে হেয়াৰ ষ্ট্ৰেডছত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও লিখি উলিয়াইছিল।

Image

যাৰ বাবে তেলেংগানা চৰকাৰৰ দ্বাৰা সন্মানিত হৈছিল ৰামাগিৰী সৰিকা।

প্ৰায় ২০০০টা মাইক্ৰ’ আৰ্ট কৰা ভাৰতৰ প্ৰথম micro-artist ৰূপে অভিহিত কৰা হৈছে ৰামাগিৰী সৰিকাক।

Image