Site icon NEWS8 NE

আশ্বৰ্যকৰ! মগজুৰ ৰক্তক্ষৰণ ঘটি মৃত্যু এগৰাকী বৃদ্ধাৰ, কিন্তু শ্মশানলৈ নিয়াৰ বাটতে ঘটিল এক অবিশ্বাস্য ঘটনা…

নিউজ ডেস্কঃ মগজুৰ ৰক্তক্ষৰণ ঘটাৰ ফলত মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰাৰ পিছতে শ্মশানলৈ নিয়াৰ বাঁটত হঠাৎ জী উঠিল এগৰাকী বৃদ্ধা।

সাঙীৰ ওপৰতে বৃদ্ধাগৰাকীয়ে চকু মেলি চোৱাত হাহাকাৰ লাগে পৰিয়াল আৰু উপস্থিত সকলোৰে মাজত।

চিকিৎসকে মৃত বুলি ঘোষণা কৰা এগৰাকী বৃদ্ধা কিদৰে জী উঠিব পাৰে, তাক লৈ সৃষ্টি হয় ৰহস্যৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত।

জানিব পৰা মতে, ফিৰোজাবাদৰ হৰিভেজী নামৰ এগৰাকী ৮১ বৰ্ষীয় বৃদ্ধাক ২৩ ডিচেম্বৰত হাস্পতালত ভৰ্তি কৰা হৈছিল।

ইয়াৰ পিছতে মগজুৰ ৰক্তক্ষৰণৰ ফলত বৃদ্ধাগৰাকীৰ মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰাত পৰিয়ালৰ লোকে মৃতদেহটো লৈ ঘৰলৈ আহে।

ঘৰত এক শোকাকুল পৰিৱেশত বৃদ্ধাগৰাকীৰ অন্তিম সংস্কাৰৰ কাম চলিছিল।

সকলো যা-যোগাৰ সম্পন্ন হোৱাৰ পিছত মৃতদেহটো শ্মশানলৈ নিয়াৰ সময়তে হঠাৎ হৰিভেজীয়ে চকু মেলি চোৱাত পৰিয়ালৰ লগতে উপস্থিত সকলো স্তম্ভিত হৈ পৰে।

লগে লগে মহিলাগৰাকীক পুনৰ হাস্পতাললৈ নিয়া হয় যদিও পিছদিনা বৃদ্ধাগৰাকীয়ে সঁচাকৈয়ে মৃত্যুক সাৱটি লয়।

Exit mobile version