NEWS8 NE

আশ্বৰ্যকৰ! সাপ নহয়, এইবাৰ ৩০ কোটি টকাৰ সাপৰ বিহসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্কঃ দুষ্প্ৰাপ্য সাপ নহয়, এইবাৰ বৃহৎ পৰিমাণৰ সাপৰ বিহসহ আটক সৰবৰাহকাৰী।

দেওবাৰে পশ্চিমবংগৰ শিলিগুৰি মহকুমাৰ ফাঁচিদেৱা ব্লকৰ মুৰালিগঞ্জ চেকপোষ্টৰ গাতে লাগি থকা অঞ্চলটোত বনকৰ্মীয়ে অভিযান চলাই সাপৰ বিহসহ আটক কৰে সৰবৰাহকাৰীজনক।

ধৃত সৰবৰাহকাৰী জনৰ পৰিচয় উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰাৰ নিৱাসী শ্বাৰফট (৫০) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দেওবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে মুৰালীগঞ্জ চেক পোষ্টৰ গাতে লাগি থকা অঞ্চলটোত বন কৰ্মীয়ে অভিযান চলায়।

এই অভিযানৰ নেতৃত্ব দিছিল ঘোষপুকুৰ ৰেঞ্জৰ ৰেঞ্জাৰ সোণম ভূটিয়াই।

তদন্ত অনুসৰি ফ্ৰান্সৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ অনা হৈছিল সাপৰ বিহভৰ্তি টেমাটো। আন কেইবাজনো লোক এই ঘটনাৰ সৈতে জড়িত বুলিও নিশ্চিত কৰা হৈছে তদন্তত।

বন বিভাগে তেওঁলোকৰ সন্ধানত অব্যাহত আছে। বন বিভাগে সদৰী কৰা মতে, এটা টেমাত ভৰাই অনা প্ৰায় ডেৰ-দুই কেজি সাপৰ বিহ সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰা হয়।

সাপৰ বিহখিনিৰ বজাৰ মূল্য ৩০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

Exit mobile version