আৰক্ষীক দেখি পুখুৰীৰ মেটেকাৰ মাজত সােমাই আত্মগােপন দুৰ্ধৰ্ষ ডকাইতৰ!

আৰক্ষীক দেখি পুখুৰীৰ মেটেকাৰ মাজত সােমাই আত্মগােপন দুৰ্ধৰ্ষ ডকাইতৰ!

October 12, 2020 0 By NEWS DESK

চোৰ ডালে ডালে আৰক্ষী পাতে পাতে!

হয়, এই আপ্তবাক্য শাৰীয়েই যেন প্ৰতিফলিত হ’ল নগাঁও আৰক্ষীৰ ক্ষেত্ৰত।

নগাঁও আৰক্ষীয়ে চামগুৰিৰ আমনিৰ এটি পুখুৰীৰ পৰা আটক কৰে দুই দুৰ্ধৰ্ষ ডকাইতক।

আৰক্ষী অভিযানৰ উমান পাই ডকাইত দুটাই বহু সময় ধৰি মেটেকাৰ তলত সোমাই আত্মৰক্ষাৰ চেষ্টা চলাইছিল।

কিন্তু দিন বেয়া আছিল ধৃত জীয়াবুৰ ৰহমান আৰু আহমত আলী নামৰ দুই ডকাইতৰ।

প্ৰথমে SDRFৰ সহযোগত আৰক্ষীয়ে মেটেকাৰ তলৰ পৰা জীৱন্তে কৰায়ত্ব দুই দুধৰ্ষ গাড়ী হাইজেকাৰক।

তাৰ পাছত আৰক্ষীৰ অভিযানকাৰী দলটােৱে গ্ৰেপ্তাৰ কৰে দুয়ােকে।

উল্লেখ্য যে এই অভিযানৰ অংশ লৈছিল কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ মতে, কেইবাখনো গাড়ীৰ হাইজেক কাণ্ডৰ সৈতে জড়িত এই দুই ডকাইত।