আৰক্ষীৰ অভিযানত জব্দ ৪੦ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ্, আটক ৩

আৰক্ষীৰ অভিযানত জব্দ ৪੦ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ্, আটক ৩

September 14, 2020 0 By NEWS DESK

যুৱ প্ৰজন্মক পংগুত্বৰ দিশে ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

অসম আৰক্ষীৰ নিৰ্দেশমৰ্মে কাৰ্বি আংলং জিলাতাে পূৰ্ণ গতিত চলিছে ড্ৰাগছ বিৰোধী অভিযান।

জিলাখনৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত জব্দ প্ৰায় ৬০০ গ্ৰাম ব্ৰাউন চুগাৰ।

আটক তিনি যুৱক ক্ৰমে আমজদ আলী , মোজামিল আলী আৰু মনৰুদ্দিন।

জানিব পৰা মতে, ৪৭ টাকৈ চাবোনৰ বাকচত ডিমাপুৰৰ অনা হৈছিল ড্ৰাগছখিনি।

জব্দ কৰা ড্ৰাগছ্ খিনিৰ বজাৰমূল্য প্রায় ৪০লাখ টকা বুলি অনুমান কৰা হৈছে।