আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ গাড়ী চােৰ কাদেৰ হুছেইন ওৰফে বগা

আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ গাড়ী চােৰ কাদেৰ হুছেইন ওৰফে বগা

October 22, 2020 0 By NEWS DESK

ছয়গাঁও। গাড়ী চুৰিৰ ধাৰাবাহিক ঘটনাৰ সৈতে জড়িত হৈ অসম আৰক্ষীৰ মূৰৰ কামােৰণি হৈ পৰা দুৰ্ধৰ্ষ চােৰ কাদেৰ হুছেইন ওৰফে বগা অৱশেষত জালত পৰিল।

কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীৰ এক অভিযানত বাইকসহ গ্ৰেপ্তাৰ হয় বগা।

জানিব পৰা অনুসৰি, বুধবাৰে বিয়লি এখন AS-01AX-3981 নম্বৰৰ চেন্ট্ৰাে গাড়ীসহ ছয়গাঁৱৰ চণ্ডিকা গে’টত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰে আৰক্ষীয়ে।

ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি খেদি ধৰে বগাক।

উল্লেখ্য যে উক্ত গাড়ীখন দুৰ্দ্ধৰ্ষ ডকাইত ৰমেশ দৈমাৰীৰ পত্নীৰ নামত পঞ্জীয়নভুক্ত হৈ আছে।

জানিব পৰা মতে, ৰমেশ দৈমাৰীয়ে বগা চোৰৰ ভনীয়েকৰ সৈতে বিয়া হৈছে।