আৰক্ষীৰ জালত পৰিল ৬ জনীয়া ভুৱা আলফা সদস্য!

আৰক্ষীৰ জালত পৰিল ৬ জনীয়া ভুৱা আলফা সদস্য!

September 2, 2020 0 By NEWS DESK

এইবাৰ নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠনৰ নামত ধনদাবী কৰি আৰক্ষী জালত পৰিল ৬ দুৰ্বৃত্ত।

সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ ভুৱা পেডত ব্যৱসায়িক লাখ লাখ টকাৰ ধনাদাবী কৰা চক্ৰ উৎখাত শিৱসাগৰ আৰক্ষীৰ।

জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা জিলাখনৰ বিভিন্ন ব্যৱসায়ীলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰিছিল এই চক্ৰটােৱে।

হুবহু আলফা (স্বা)ৰ লেটাৰ পেডৰ দৰেই ভুৱা ধনদাবী পত্ৰ ছপাইছিল এই চক্ৰটােৱে।

এই বিষয়ে অভিযােগ লাভ কৰি আৰক্ষীয়ে শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা এই ভুৱা আলফাৰ দলটিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষী জালত পৰা যুৱক কেইজন হৈছেঃ

  • মৰাণ গজপুৰীয়াৰ অমূল্য চাংমাই ওৰফে গুড্ডু (১৮)
  • ভটিয়াপাৰাৰ মাধুৰ্য চেতিয়া ওৰফে ডন (২৪)
  • কোঁৱৰপূৰৰ মানৱ জ্যোতি মহন্ত (২৭)
  • কৌস্তৱ চেতিয়া (১৮)
  • ভটিয়াপাৰা ৰাধিকা নগৰৰ অৰ্জুন ভৰালী (২৩) আৰু
  • ৰুদ্ৰসাগৰ ন-পুখুৰীৰ দীপাংকৰ দাস (২০)।

আৰক্ষীয়ে ধৃত লােককেইজনৰ জিম্মাৰ পৰা মোবাইল ফোন ৭টা, ধনদাবী পত্ৰ ৪ খন, লেপটপ ১টা, প্ৰিন্টাৰ ১টা, পেনড্ৰাইভ ২টা আৰু এখন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়।