NEWS8 NE

আৰক্ষীৰ থানাৰ পৰাই পলাল শিশু ধৰ্ষণৰ অভিযুক্ত, লাগিল হাহাকাৰ

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ থানাৰ পৰা পলায়ন কৰিলে এগৰাকী আচামীয়ে।

হাইলাকান্দি জিলাৰ আলগাপুৰ থানাৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে শিশু ধৰ্ষণৰ অভিযুক্ত বাহাৰুল ইছলাম নামৰ যুৱকজনে।

জানিব পৰা মতে, এটি ১০ বছৰীয়া শিশুক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাহাৰুল ইছলাম।

এই ধৰ্ষণকাণ্ডৰ অভিযুক্তই শুক্ৰবাৰে নিশা শৌচাগাৰলৈ যোৱাৰ সময়তে আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰে।

এই ঘটনাই হাহাকাৰ লগায় হাইলাকান্দি আৰক্ষীৰ ভিতৰচ’ৰাত।

ইয়াৰ পিছতে আৰক্ষীয়ে এই অপৰাধীটােক বিচাৰি তীব্ৰ অভিযান চলায়।

ইপিনে, শেহতীয়াকৈ পােৱা খবৰ অনুসৰি বাহাৰুল ইছলামক পুনৰ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

হাইলাকান্দি জিলাৰ বালাকান্দি গাঁৱৰ পৰা দিনৰ ১ মান বজাত গাঁও ৰক্ষা বাহিনীৰ সহযােগত আটক কৰা হয় বাহাৰুল ইছলাম নাম ধৰ্ষণৰ গােচৰৰ অভিযুক্তক।

Exit mobile version