আৰক্ষীৰ ভয়ত নৈত জাঁপ দিলে ‘আড্ডাত’ বহা ৫ যুৱকে, এজনৰ মৃত্যু

আৰক্ষীৰ ভয়ত নৈত জাঁপ দিলে ‘আড্ডাত’ বহা ৫ যুৱকে, এজনৰ মৃত্যু

September 14, 2020 0 By NEWS DESK

নগাঁও জিলাৰ কামপুৰত অঘটন।

কামপুৰ থানাৰ অন্তৰ্গত তেঁতেলিসৰাত নিশা আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাঁপ দিলে CISFৰ এজন জােৱানসহ ৫ যুৱকে।

নৈত জাঁপ দি সন্ধানহীন হােৱা দেৱাশিস দাস নামৰ CISF জােৱানজনৰ মৃত্যু।

SDRFৰ অভিযানত নৈৰ পৰা উদ্ধাৰ দেৱাশিসৰ মৃতদেহ।

দেৱাশিস দাস

জানিব পৰা মতে, পশ্চিম তেঁতেলীসৰাৰ শিৱ মন্দিৰত কেইজনমান যুৱক একগােট হৈ থকা অৱস্থাতে কামপুৰ আৰক্ষীৰ টহলদাৰী দল এটা আহি উপস্থিত হােৱাত আৰক্ষীৰ ভয়ত যুৱককেইজনে নিশাৰী নৈত জাঁপ দিছিল।

দেৱাশিসক বিচাৰি SDRFৰ দলে নৈত অভিযান চলাই আজি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে তেঁতেলীসৰা অঞ্চলৰ সৰবৰহী ব্যক্তি ৰূপক দাসৰ পুত্ৰ তথা CISFৰ জােৱা দেৱাশিস এটি ছমহীয়া সন্তানৰ পিতৃ।

উক্ত ঘটনাই বৃহত্তৰ অঞ্চলটােত তীব্ৰ শােকৰ ছাঁ পেলাইছে।

স্থানীয় লােকে উক্ত ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।