Site icon NEWS8 NE

আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল কীৰ্তিকমলৰ! কিন্তু এতিয়া সপোন সপোন হৈয়ে ৰৈ যাব…

এটা মাথোঁ বন্দুকৰ গুলি! কিন্তু সেই বন্দুকৰ গুলীয়েই নিঃশেষ কৰি পেলালে এজন চফল যুৱকৰ অলেখ সপোন।

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হোৱা ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ সপোন আছিল বিশাল। ৰাশিত বিষয়া হোৱাৰ হেঁপাহ আছিল কীৰ্তিকমলৰ।

তাৰবাবে তেওঁ চলাই আছিল প্ৰস্তুতিও। এইবছৰ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণৰ কথা আছিল কীৰ্তি কমলে।

কিন্তু আৰক্ষীৰ বন্দুকেৰে সৰকা মাথোঁ এটা গুলীয়ে ধ্বংস কৰি পেলালে কীৰ্তিকমলৰ সমস্ত সপোন। চিৰদিনৰ বাবে ঘুনীয়া হৈ ৰ’ল আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা এজন যুৱক!

কীৰ্তিকমলৰ সপোনৰ কথা কৈ সংবাদ মাধ্যমৰ সন্মুখত উচুপি উঠিল তেওঁৰ জ্যেষ্ঠ ভাতৃ কৌস্তভ কমল বৰাই। বৰ্তমান কীৰ্তিকমলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে কৈছে- অস্ত্ৰোপচাৰ কৰিব লাগিব গুলিবিদ্ধ ভৰিখনৰ। কোৰোনাতো আক্ৰান্ত হৈছে ছাত্ৰ নেতাগৰাকী।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া নগাঁৱত সংঘটিত হৈছিল সেই ঘটনা, যি ঘটনাই আৰক্ষীৰ খাকী পোছাকত ক’লা দাগ সানিছে।

মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা কীৰ্তিকমল বৰাক ঘৰৰ নিচেই সমীপত ভৰিত গুলীয়ায় আৰক্ষীয়ে। তাৰ পিছত আৰক্ষীৰ ভুল ঢাকিবলৈ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা চলোৱা হয় কীৰ্তিকমলক।

কিন্তু অমায়িক, শান্ত-সৰল কীৰ্তিকমলৰ ওপৰত আৰক্ষীৰ গুলিচালনা আৰু ড্ৰাগছ মাফিয়া সজোৱাৰ অপচেষ্টাক সহজভাৱে মানি লব পৰা নাই নগাঁওবাসীয়ে।

নগাঁও জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত অৱশেষত অতিৰিক্ত মুখ্য সচিবক প্ৰদান কৰা হৈছে ঘটনাৰ তদন্তৰ দায়িত্ব। এসপ্তাহৰ ভিতৰত চৰকাৰৰ ওচৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে এই ভুৱা এনকাউণ্টাৰ গোচৰত অভিযুক্ত হৈ পৰা এছআই প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

লগতে চাওকঃ

দৃষ্টিশক্তি হেৰুৱাই পেলোৱা কাজিৰঙাৰ ‘কৃষ্ণা’ৰ কৰুণ কাহিনী…

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু

Exit mobile version