NEWS8 NE

আৰু উভতি নাহোঁ বুলি কৈ ওলাই গৈছিল ঘৰৰ পৰা! ৩ মাহে স্বামীৰ বাবে অপেক্ষাৰত এগৰাকী নৱ বিবাহিতা পত্নীৰ মৰ্মবেদনা…

নিউজ ডেস্কঃ মাতৃৰ সৈতে কাজিয়া লাগি ঘৰৰ পৰা ওলাই অহাৰে পৰা সন্ধানহীন হৈ থকা স্বামীক বিচাৰি বিগত ৩ মাহে হাহাকাৰ কৰিছে এগৰাকী মহিলাই।

বিয়াৰ মাত্ৰ ১০ মাহ পিছতে সন্ধানহীন হোৱা স্বামীৰ আজি পৰ্যন্ত কোনো সন্ধান লাভ নকৰাত কান্দি কান্দি ভাগৰি পৰিছে পত্নীয়ে।

উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ আদাবাৰী গাঁৱৰ পূৰ্ণজ্যোতি কলিতা নামৰ যুৱকজন।

বিয়াৰ পিছৰে পৰা মাতৃৰ সৈতে কাজিয়াৰ আৰম্ভণি ঘটিছিল যুৱকজনৰ।

যাৰ বাবে পুত্ৰ পূৰ্ণজ্যোতিৰ বিৰুদ্ধে আদাবাৰী পহৰা চকীত এখন এজাহাৰ দাখিল কৰিছিল মাতৃ প্ৰতিমা কলিতাই।

মাতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে লাজে আপমানে জৰ্জৰিত হৈ জীৱন শেষ কৰাৰ মানসেৰে ঘৰৰ পৰা ওলাই আহিছিল পূৰ্ণজ্যোতি।

পত্নীক ‘আৰু উভতি নাহো’ বুলি কৈ ঘৰৰ পৰা ওলাই অহা যুৱকজনৰ বাইক, চেণ্ডেল আৰু হেলমেট পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল শৰাইঘাট দলঙৰ ওপৰত।

কিন্তু আৰক্ষীয়ে অভিযান চলাইও বৰ্তমানলৈকে জীৱিত বা মৃত কোনো সম্ভেদ লাভ কৰিব পৰা নাই পূৰ্ণজ্যোতিৰ।

যাৰ বাবে এতিয়া মাতৃগৃহত আশ্ৰয় লৈ এক অনিশ্চিত ভৱিষ্যতৰ অপেক্ষাত ৰৈছে পত্নী ৰীমা ডেকা।

বিয়াৰ মাত্ৰ ১০ মাহ পিছত স্বামীক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা হৈছে পত্নী ৰীমাই।

Exit mobile version