ইউটিউবত মোদীৰ ‘মন কী বাত’ৰ ভিডিঅ’ত ডিছলাইকৰ জোৱাৰ !

ইউটিউবত মোদীৰ ‘মন কী বাত’ৰ ভিডিঅ’ত ডিছলাইকৰ জোৱাৰ !

August 31, 2020 0 By NEWS DESK

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠিত কৰে তেওঁৰ ৬৮সংখ্যক ‘মন কী বাত’ অনুষ্ঠান।

‘মন কি বাত’ত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে পুতলা উদ্যোগৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

কিন্তু সমগ্ৰ দেশতে JEE-NEET পৰীক্ষাক লৈ যিসময়ত তীব্ৰ বিতৰ্কৰ সূচনা হৈছে, সেই সময়ত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ‘মন কী বাত’ত এই বিষয়ে এটা শব্দও উচ্চাৰণ নকৰিলে।

যাৰ বাবে একাংশই সমালোচনা কৰাই নহয়, প্ৰধান মন্ত্ৰী মোদীৰ ‘মন কী বাত’কলৈ সাধাৰণ নাগৰিকেও প্ৰশ্ন তুলিছে।

দেওবাৰে বিজেপিয়ে ইউটিউবত শ্বেয়াৰ কৰা মোদীৰ ‘মন কী বাত’ৰ ভিডিঅ’ত দেখা গ’ল ডিছলাইকৰ জোৱাৰ।

দেওবাৰে ইউটিউবত শ্বেয়াৰ কৰা ‘মন কী বাত’ৰ ভিডিঅ’ত শেহতীয়াভাৱে ৪৮হাজাৰ লোকে লাইক কৰাৰ বিপৰীতে ডিছলাইক কৰিছে ৩লাখ ৬৪হাজাৰ লোকে।

ইমান বৃহৎ সংখ্যাত কৰা অপছন্দৰ বিষয়টোৱে স্বাভাৱিকতে বিজেপিক চিন্তাত পেলাইছে।