ইজৰাইলৰ পৰা AWACS ৰ দুখন অত্যাধুনিক বিমান ক্ৰয় কৰিব ভাৰতে

ইজৰাইলৰ পৰা AWACS ৰ দুখন অত্যাধুনিক বিমান ক্ৰয় কৰিব ভাৰতে

August 28, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। পাকিস্তান তথা চীনৰ সীমান্তত শেহতীয়াকৈ বিৰাজ কৰা উদ্বেগজনক পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে পৰৱৰ্তী সপ্তাহতে দুখন ফেলকন এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কন্ট্ৰ’ল ছিষ্টেমছ (AWACS) ক্ৰয়ৰ চুক্তি সম্পন্ন কৰিব।

ইজৰাইলত নিৰ্মিত এই অত্যাধুনিক প্ৰযুক্তি সম্বলিত বিমান ক্ৰয়ৰ চুক্তিত অনুমোদন জনাইছে দেশৰ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে।

ইয়াৰ বাবে ২ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিব ভাৰত চৰকাৰে।

উল্লেখ্য যে বৰ্তমান ভাৰতৰ হাতত তিনিখন ফেলকন আৱাকছ আৰু দুখন বিআৰডিঅ’ নিৰ্মিত আৱাকছ আছে।

কিন্তু ইয়াৰ বিপৰীতে চীনৰ হাতত ২৮খন আৰু পাকিস্তানৰ হাতত আছে ৭খন AWACS।

আকাশী যুদ্ধত AWACSৰ ভূমিক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়।