NEWS8 NE

ই-ৰিক্সা চালকৰ ওপৰত চকু বিদ্যুৎ বিভাগৰ! এই নিৰ্দেশ নামানিলে লোৱা হ’ব আইনী ব্যৱস্থা…

নিউজ ডেস্কঃ এইবাৰ বিদ্যুৎ বিভাগৰ চকু পৰিছে ৰাজ্যৰ ই-ৰিক্সা চালকসকলৰ ওপৰত। এক নিৰ্দেশনা জাৰি কৰি বিদ্যুৎ বিভাগে ই-ৰিক্সা চালকসকলক লৈ দিছে এক বিশেষ বাৰ্তা।

ঘৰুৱা বিদ্যুৎ সংযোগত ই-ৰিক্সা চাৰ্জ দি কোনোমতে পৰিয়াল চলাই অহা ই-ৰিক্সা চালকসকলে এতিয়া গ্ৰহণ কৰিব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। এই নিৰ্দেশ প্ৰদান কৰিছে ৰহা বিদ্যুৎ উপ-সংমণ্ডলে।

বিদ্যুৎ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ই-ৰিক্সা চালকসকলে তেওঁলোকৰ ই-ৰিক্সা চাৰ্জ কৰিবলৈ হ’লে LT- Electric vehicle charging শ্ৰেণীৰ অতিৰিক্ত বিদ্যুৎ সংযোগৰ কাৰণে আবেদন কৰিব লাগিব।

ঘৰুৱা সংযোগত ই-ৰিক্সা চাৰ্জ কৰা গ্ৰাহক সকলৰ বিৰুদ্ধে ভাৰতীয় বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সতৰ্ক কৰি দিছে বিদ্যুৎ বিভাগে।

ৰহা বিদ্যুৎ সংমণ্ডলৰ এই নিৰ্দেশনাৰ পিছতে এতিয়া মূৰত সৰগ ভাগি পৰিছে ই-ৰিক্সা চালকসকল ওপৰত।

Exit mobile version