উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ সালসলনি ঘটালে শিক্ষা সংসদে !

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ সালসলনি ঘটালে শিক্ষা সংসদে !

August 27, 2020 0 By NEWS DESK

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পাঠ্যক্ৰমত কেতবোৰ সালসলনি ঘটালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

সেই অনুসৰি পূৰ্বৰ বেংকিং বিষয়টোক নতুনকৈ ‘ফাইনেন্স’ বুলি জনা যাব। অৰ্থাৎ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত বেংকিং নামৰ কোনো বিষয় নাথাকিব।

একেদৰে কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক বিষয়টোক নতুনকৈ বিজনেছ মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক  হিচাবে নামকৰণ কৰা হৈছে।

বিজনেছ ষ্টেটিষ্টিক আৰু একাউন্টেন্সী বিষয় দুটাক মূল বিষয় হিচাবে গণ্য কৰা নহ’লেও সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বাধ্যতামূলক ভাবে অৱতীৰ্ণ হ’ব লাগিব আৰু ন্যুনতম উত্তীৰ্ণৰ নম্বৰ পাব লাগিব।

তিনিটা ইলেক্টিভ বিষয়ৰ লগতে ক’ৰ ছাবজেক্ট ইংৰাজী,আধুনিক অসমীয়া ভাষা আৰু অল্টাৰনেটিভ ইংলিছৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মূল ফলাফল ঘোষণা কৰা হ’ব।

এই পৰিৱৰ্তন সমূহ ২০২০-২১ শিক্ষা বৰ্ষৰ পৰাই কাৰ্যকৰী হ’ব।

অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা সংসদৰ ৱেবছাইট- www.ahsec.nic.in ত চাব পাৰিব।