উচ্চ ন্যায়ালয়ৰ অনলাইন শুনানিৰ সময়ত ধূমপান কৰি ৰোষত পৰিল অধিবক্তা!

উচ্চ ন্যায়ালয়ৰ অনলাইন শুনানিৰ সময়ত ধূমপান কৰি ৰোষত পৰিল অধিবক্তা!

August 14, 2020 0 By NEWS DESK

ৰাজস্থানৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱান পৰিছে ন্যায়ালয়ৰ ৰোষত।

অধিবক্তাজনে ন্যায়ালয়ৰ এক গোচৰৰ ভাৰ্চুৱেল শুনানিৰ সময়ত সেৱন কৰি আছিল হুকা। যাৰ বাবে ন্যায়ধীশ মহেন্দ্ৰ কুমাৰ গোৱেলে বৃহস্পতিবাৰে তেওঁক কৰে চৰম কটাক্ষ।

এটা ভিডিঅ’ত ধাৱানক দেখা পােৱা গৈছে শুনানিৰ সময়চোৱাত এখন কাগজ মুখৰ আগত ৰাখি লৈছে আৰু কিছু আঁতৰত ৰখা হুকাৰ পৰা অহা এডাল পাইপেৰে সেৱন কৰি আছে ধোঁৱা। সেই ক্ষুদ্ৰ ভিডিঅ’ এতিয়া তোলপাৰ লগাইছে ৰাজ্য।

উল্লেখ্য যে ধাৱানে বহুজন সমাজ পাৰ্টিৰ ৬ জন বিধায়কৰ হৈ ওকালতি কৰিছিল উক্ত শুনানিত। যিকেইজনে কংগ্ৰেছৰ পক্ষ লোৱা বুলি বিজেপি আৰু বহুজন সমাজ বাদী পাৰ্টিয়ে প্ৰত্যাহ্বান জনাইছিল।