NEWS8 NE

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বনৰীয়া হাতী নিধনৰ ঘটনাৰ তদন্তত নামিল চি বি আই

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যত নিতৌ অপ্ৰাকৃতিক কাৰণত মৃত্যুমুখত পৰিছে বনৰীয়া জীৱ-জন্তু। বিশেষকৈ একাংশ অসাধু লােক তথা চােৰাং চিকাৰীয়ে য’ধে-ম’ধে নিধন কৰিছে বনৰীয়া হাতী।

অনুৰূপ ধৰণে, তামিলনাডুৰ কেইবাখনো অভয়াৰণ্যত ধাৰাবাহিক ভাৱে যোৱা কেইবছৰ হৈ আহিছে হস্তী নিধন।

এই নিধন প্ৰক্ৰিয়া বন্ধ কৰাৰ ক্ষেত্ৰত সফল হোৱা নাছিল কোনো। সেয়েহে সমাজকৰ্মী আৰু সামাজিক সংস্থাৰ আবেদনৰ ভিত্তিত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই কাণ্ডৰ তদন্তৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইক।

যোৱা ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে চি বি আইক নিৰ্দেশ দি কয় যে, বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাই দিয়া প্ৰতিবেদনৰ ভিত্তিত অবৈধ হস্তী নিধনৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধে তদন্ত কৰিব লাগে। এই কাৰ্যত জড়িত চোৰাং চিকাৰী, মধ্য ভোগী আৰু মাষ্টাৰ মাইণ্ড কোন সেইয়া তদন্ত কৰি কৰায়ত্ত কৰিব লাগে। উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত বৰ্তমান চি বি আই য়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাই স্থানীয় আৰক্ষী থানাত অবৈধ হস্তী নিধনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিখন এজাহাৰ দাখিল কৰিছিল। সেই অনুসৰি চোৰাং চিকাৰীয়ে অবৈধভাৱে হাচানুৰৰ সাঠ্যমংগলম ব্যাঘ্ৰ প্ৰকল্পত ২০২০ চনৰ ১৯ ডিচেম্বৰত নিধন কৰা হাতী, ২০১৪ চনৰ এপ্ৰিলত উদুমালপেত বনাঞ্চলৰ আনামালাই ব্যাঘ্ৰ প্ৰকল্পত নিধন কৰা হাতী আৰু এইবছৰৰ ৫ জানুৱাৰীৰ দিনা কইম্বাটোৰৰ বলুভামপাত্তি বনাঞ্চলত নিধন কৰা হাতীৰ সন্দৰ্ভত দিছিল গোচৰ। যি কেইখন আৰক্ষীয়ে পঞ্জীয়ন কৰিছিল।

উল্লেখ্য যে যোৱা কেইবছৰ মান ধৰি তামিলনাডু আৰু কেৰেলাত চোৰাং চিকাৰীয়ে বিদ্যুৎ স্পৃষ্ট কৰিও বহুকেইটা হাতী হত্যা কৰিছে। ইয়াৰোপৰি যোৱা বছৰ জুন মাহত এজনী গৰ্ভৱতী হাতীক আনাৰসত বিহ মিহলাই খাবলৈ দি হত্যা কৰিছিল।

এইটো অনিশ্চিত যে চি বি আইয়ে কেতিয়া এই তদন্ত প্ৰক্ৰিয়া শেষ কৰিব পাৰিব। সেয়েহে চি বি আইক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দি কয় যে, যিহেতু চোৰাং চিকাৰীয়ে বহুকেইটা হাতী নিধন কৰিছে। ইয়াৰ লগত বহিঃৰাজ্যৰ লোকো জড়িত আছে। গতিকে ইয়াৰ সূক্ষ্ম পৰ্যায়ৰ তদন্ত প্ৰয়োজন।

মূলতঃ এই কাৰ্যৰ মাষ্টাৰমাইণ্ড জনক চিনাক্ত কৰি আটক কৰাটো অতিকে প্ৰয়োজন। বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাই দাখিল কৰা প্ৰতিবেদনত যি কেইজন অভিযুক্তৰ নাম উল্লেখ আছে, কেৱল সেই সকলক আটক কৰিলেই নহব। ই বৰ্তমান বহুতৰ জীৱিকালৈ পৰিণত হৈছে। সেয়েহে ইয়াৰ মধ্যভোগী আৰু মাষ্টাৰ মাইণ্ডসহ গোটেই চক্ৰটোক কৰায়ত্ত কৰিব লাগিব।

উচ্চ ন্যায়ালয়ে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা হাতীৰ সন্দৰ্ভত কয় যে, “ই কেনেকৈ হ’ব পাৰে। নিশ্চয় এই ক্ষেত্ৰত বিভাগীয় লোক জড়িত থাকিব লাগিব। তেওঁলোকৰ অজ্ঞাতে কেনেকৈ তাত চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰিব পৰিব। সেই সময়ত কোন নিৰাপত্তাৰ দায়িত্বত থাকে। মুঠতে চোৰাং চিকাৰী আৰু বিদ্যুৎস্পৃষ্টৰ পৰা হাতীক ৰক্ষা কৰিবই লাগিব।”

Exit mobile version