উচ্চ ৰক্তচাপ জনিত কাৰণত অসুস্থ সাংসদ আব্দুল খালেক!চিকিৎসালয়ত ভৰ্তি…

উচ্চ ৰক্তচাপ জনিত কাৰণত অসুস্থ সাংসদ আব্দুল খালেক!চিকিৎসালয়ত ভৰ্তি…

October 21, 2020 0 By NEWS DESK

হঠাৎ অসুস্থ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেক।

৬নং বৰপেটা লোকসভা সমষ্টিৰ সা‌ংসদ আব্দুল খালেকে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে।

অসুস্থ আব্দুল খালেকক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আব্দুল খালেক বৰ্তমান চিকিৎসাধীন হৈ আছে এক্সেল কেয়াৰ হস্পাতালত।

অৱশ্যে এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, আব্দুল খালেকৰ স্বাস্থ্যৰ কোনো চিন্তাৰ কাৰণ নাই।

চিকিৎসকৰ মতে তেওঁৰ স্বাস্থ্য সংকটমুক্ত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সাংসদ ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ আব্দুল খালেকৰ আশু আৰোগ্য কামনা কৰে।